ETV Bharat / state

Depression among youth: এক বিশেষ উদ্দেশ্যৰে পদব্ৰজে দেশ ভ্ৰমিছে মহাৰাষ্ট্ৰৰ স্বপ্নীলে

author img

By

Published : Apr 1, 2023, 1:40 PM IST

যুৱ প্ৰজন্মৰ মাজত সৃষ্টি হোৱা হতাশাৰ ছবিখনে চিন্তিত কৰি তুলিছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ স্বপ্নীল মৰেহানক ৷ সেয়ে চাৰি মাহ পূৰ্বে মহাৰাষ্ট্ৰ নাগপুৰৰ পৰা এক বিশেষ উদ্দেশ্য আগত ৰাখি পদযাত্ৰা আৰম্ভ কৰিছিল স্বপ্নীলে ৷ এই সম্পৰ্কত বিতংভাৱে জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ...

Maharashtra’s Swapnil arrives in Assam
অসমত উপস্থিত মহাৰাষ্ট্ৰৰ স্বপ্নীল

অসমত উপস্থিত মহাৰাষ্ট্ৰৰ স্বপ্নীল

লখিমপুৰ, ১ এপ্ৰিল : বিশ্বায়নৰ যুগত বিভিন্ন কাৰণত নৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে হতাশা (Depression among youth) ৷ এই হতাশাই যুৱ প্ৰজন্মক মানসিকভাৱে নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন দিশলৈ ঠেলি দিয়া পৰিলক্ষিত হয় ৷ আজিৰ এই হতাশাগ্ৰস্ত নৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস বঢ়োৱাৰ মহান উদ্দেশ্যেৰে মহাৰাষ্ট্ৰৰ পৰা পদব্রজে ওলাল এজন যুৱক ৷ সমগ্ৰ দেশ পদব্ৰজে ভ্ৰমণৰ উদ্দেশ্যৰে মহাৰাষ্ট্ৰ নাগপুৰৰ স্বপ্নীল মৰেহান নামৰ ব্যতিক্ৰমী চিন্তাৰ যুৱকজনে পদযাত্ৰাৰে পাৰ কৰিলে দেশৰ কেইবাখনো ৰাজ্য (Depression affected Indian youth)৷

চাৰি মাহৰো অধিক সময় খোজকাঢ়ি শুকুৰবাৰৰ সন্ধিয়াৰ পূৰ্বে অসমৰ লখিমপুৰ জিলাত উপস্থিত হয় প্ৰৱল আত্মবিশ্বাসী যুৱকজন । চাৰি মাহৰ মূৰত দক্ষিণৰ নাগপুৰৰ পৰা পদযাত্ৰা কৰি দেশৰ পূৱ প্ৰান্তত অৱস্থিত অসমৰ লখিমপুৰত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ যুৱক স্বপ্নীল ৷ হাতত ত্ৰিৰংগা , মাত্ৰ দুযোৰ কাপোৰ আৰু তিনিখন ৰুটি লৈ ঘৰৰ পৰা ওলায় আহিছিল বুলি জানিবলৈ দিয়ে যুৱকজনে ৷

Maharashtra’s Swapnil arrives in Assam
অসমত উপস্থিত মহাৰাষ্ট্ৰৰ স্বপ্নীল

৪ মাহ ১৫ দিন খোজকাঢ়ি আহি শুকুৰবাৰে লখিমপুৰৰ বগীনদীত উপস্থিত হোৱা যুৱকজনে অৰুণাচল প্ৰদেশৰ ইটানগৰ হৈ টাৱাংলৈ যাত্ৰা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে । লগতে স্বাস্থ্য ৰক্ষা আৰু দেশৰ যুৱ প্ৰজন্মক উশৃংখল হোৱাৰ পৰিৱৰ্তে কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে আত্মবিশ্বাসী হোৱাৰ উদ্দেশ্যৰেহে এই পদযাত্ৰা কৰা বুলি প্ৰকাশ কৰে যুৱকজনে । উল্লেখ্য যে, দেশ ভ্রমণৰ বাবে বৃহৎ পৰিমাণৰ টকা-পইচাৰ বিপৰীতে তেওঁ ৰুটি তিনিখন আৰু দুযোৰ কাপোৰ লৈ দীঘলীয়া যাত্রা আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে, যিয়ে সম্প্ৰতি এক নজিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ।

নৱ প্ৰজন্মই যি কাম কৰে অথবা কৰিবলৈ বিচাৰে তাত সফলতা লাভ কৰিবই বুলি আত্মবিশ্বাসেৰে কয় স্বপ্নীলে আৰু ইয়াকে তেওঁ নিজৰ কৰ্মৰ মাজেৰে প্ৰতিফলিত কৰিছে বুলি সংবাদ মাধ্যমৰ আগত কয় স্বপ্নীল মৰেহানে ৷ 4 মাহৰো অধিক দিনৰ এই যাত্ৰা তথা যাত্ৰাপথত বিভিন্নজনৰ পৰা সহায়-সহযোগিতা লাভ কৰিছে বুলি জানিবলৈ দিয়ে স্বপ্নীল মৰেহানে ৷

লগতে পঢ়ক : HSLC exam finished: অন্ত পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.