ETV Bharat / state

প্লাষ্টিকমুক্ত পৃথিৱীৰ সপোন, লখিমপুৰত বিজ্ঞান সমিতিৰ বাটৰ নাট

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 4:43 PM IST

প্লাষ্টিকমুক্ত পৃথিৱী গঢ়াৰ সজাগতা অনাৰ বাৰ্তাৰে লখিমপুৰত পৰিৱেশন কৰা হয় বাটৰ নাট ৷ উক্ত মহান উদ্দেশ্যৰে পৰৱৰ্তী লখিমপুৰকে ধৰি কেবাখনো জিলাত বাটৰ নাট পৰিৱেশন কৰিব বিজ্ঞান সমিতিয়ে ৷

street drama in lakhimpur
লখিমপুৰত বিজ্ঞান সমিতিৰ বাটৰ নাট
লখিমপুৰত বিজ্ঞান সমিতিৰ বাটৰ নাট

লখিমপুৰ, 7 ডিচেম্বৰ : লখিমপুৰত বিজ্ঞান সমিতিৰ বাটৰ নাট পৰিৱেশনেৰে প্লাষ্টিকমুক্ত পৃথিৱী গঢ়াৰ চেষ্টা ৷ পৃথিৱীৰ অসুখ সৃষ্টিৰ অন্যতম কাৰক প্লাষ্টিকক বৰ্জন কৰাৰ আহ্বানৰ লগতে সজাগতা সৃষ্টিৰ হকে বৃহস্পতিবাৰে লখিমপুৰত বিজ্ঞান সমিতিৰ দ্বাৰা এখন বাটৰ নাট পৰিৱেশন কৰা হয় । নাটখন পৰিৱেশন কৰা হয় লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত । প্ৰভাত বনিয়াৰ ৰচনা আৰু দিবাকৰ হাজৰিকাৰ পৰিচালনাৰে পৰিৱশন কৰা নাটখনৰ নাম হ’ল ‘মানুহ, পৃথিৱী আৰু সেউজীয়া’ । নাট খনত অভিনয় কৰে দিবাকৰ হাজৰিকা, মহেন্দ্ৰ বৰদলৈ, দুলাল বৰুৱা, ৰাজুমণি বৰা, প্ৰদীপ নেওগ আৰু প্ৰদীপ বৰাই ।

ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ তথা একাংশ স্থানীয় লোকৰ উপস্থিতিত সুন্দৰ ৰূপত উক্ত নাটখন পৰিৱেশন কৰি প্লাষ্টিকমুক্ত এখন পৃথিৱী গঢ়াৰ বাৰ্তা প্ৰেৰণ কৰি এইক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াস কৰা হয় । উল্লেখ্য যে, ই আই এ চি পি হাব অসম, অসম প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদ, অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু লখিমপুৰৰ পিচলা শাখা বিজ্ঞান সমিতিৰ সৌজন্যত প্লাষ্টিকমুক্ত পৃথিৱী গঢ়াৰ বাৰ্তা দিয়াৰ লগতে সজাগতা সৃষ্টিৰ হকে লখিমপুৰ, ধেমাজি, বিশ্বনাথ আৰু শোণিতপুৰৰ বিভিন্ন স্থানত বাটৰ নাট পৰিৱশন কৰাৰ প্ৰস্তুতি কৰা হৈছে ।

সেই অনুসৰি বৃহস্পতিবাৰে লখিমপুৰত প্ৰথমখন নাট পৰিৱেশন কৰা হয় । নাট খনৰ জৰিয়তে শক্তি সংৰক্ষণ, পানী সংৰক্ষণ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, বহনক্ষম খাদ্য প্ৰণালীৰ প্ৰয়োগ, আৱৰ্জনা হ্ৰাস, স্বচ্ছতা ৰক্ষা কৰা, ই-আৱৰ্জনা হ্ৰাস তথা স্বাস্থ্যসন্মত জীৱনশৈলীৰ বাবে জৈৱ বৈচিত্য সংৰক্ষণ আদিত গুৰুত্ব প্ৰদান কৰি ইতিবাচক বাৰ্তা দিয়া হয় ৷

নাট্য দলটোৱে শ্ল’গান, প্লে’কার্ড আদিৰ জৰিয়তেও সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.