ETV Bharat / state

Heavy Storm in Lakhimpur: নিশা অহা প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে লখিমপুৰৰ বহু অঞ্চল, নিহত এজন লোক

author img

By

Published : Aug 8, 2022, 1:00 PM IST

মাজ নিশা সুখ নিদ্ৰাত মগ্ন সকলো । কিন্তু হঠাৎ বিজুলী ঢেৰেকনিৰে অহা এজাক প্ৰচণ্ড ধুমুহাই নিমিষতে তচনচ কৰি পেলালে সকলো (Storm devastated several areas of Lakhimpur overnight) । প্ৰবল ধুমুহাই উৰুৱাই লৈ যায় বহুতৰে মৰমৰ আপোন ঘৰখন । ধুমুহাৰ ফলত মৃত্যু হৈছে এজন লোকৰ ৷

Storm causes heavy damage in Lakhimpur
প্ৰচণ্ড ধুমুহাৰ ফলত মৃত্যু এজনৰ

লখিমপুৰ, ৮ আগষ্ট: লখিমপুৰত ধুমুহাৰ কালৰূপ ৷ ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলৰ বগলীজানৰ বৃহৎ অঞ্চল (Storm devastated several areas of Lakhimpur overnight)। বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তচনচ কৰে প্ৰবল ধুমুহাজাকে। ধুমুহাৰ কবলত পৰি বিস্তৰ ক্ষতি অঞ্চলবাসীৰ।

মাজ নিশা অহা প্ৰবল ধুমুহাজাকে তচনচ কৰি গ’ল বহু পৰিয়ালৰ আপোন ঘৰখন ৷ ফলত চৌদিশে এক হাহাকাৰ আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে বহু স্থানত গছ বাগৰি যাতায়াত ব্যৱস্থাও হৈ পৰিছে ব্যাহত (Many trees falling on road) ।

নিশা অহা প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে লখিমপুৰৰ বহু অঞ্চল, নিহত এজন লোক

গছ বাগৰি বিদ্যুৎ পৰিবাহী তাৰ ছিগি পৰাৰ ফলত বৃহত্তৰ অঞ্চলটোত বিজুলী সংযোগো ব্যাহত হৈ পৰিছে (Electricity connection disrupted)। ধুমুহাৰ তাণ্ডবত আপোন ঘৰখন নিঃশেষ হৈ পৰাত বহু পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে ।

আনহাতে লখিমপুৰ বিজু গ্ৰান্টত ঘৰৰ ওপৰত গছ বাগৰি পৰাৰ ফলত মৃত্যু হয় টনচিলাগৰ নামৰ এজন লোক ৷ অৱশ্যে সৌভাগ্যক্ৰমে তেওঁৰ সৈতে শুই থকা দুবছৰীয়া সন্তানটি এই অঘটৰ পৰা ৰক্ষা পৰে ৷

লগতে পঢ়ক: কলগাছিয়াত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ: উৰুৱাই লৈ যায় ঘৰৰ টিনপাত, বেৰ-চাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.