লখিমপুৰ, 9 মে’ : বিজেপি চৰকাৰখন কেৱল শ্লোগান সৰ্বস্ব ৷ কৃত্ৰিম জনপ্ৰিয়তাৰ সৃষ্টি কৰি চৰকাৰখন সম্প্ৰতি চলি আছে ৷ লখিমপুৰত এনেদৰে বিজেপিক কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই(State Congress president Bhupen Bora criticize BJP) ৷
লখিমপুৰৰ নাওবৈচাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে অসমবাসীক টুপি পিন্ধাইছে বিজেপিয়ে বুলিও তেওঁ তীব্ৰ সমালোচনা কৰে ৷ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰি প্ৰচাৰৰ জৰিয়তে কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবেহে উঠি-পৰি লগা বুলি মন্তব্য কৰি তেওঁ অসমৰ ৰাইজে এই কথা লক্ষ্য কৰি আছে বুলিও কয় ৷
বৰাৰ মতে, চৰকাৰখনৰ এবছৰীয়া কামৰ খতিয়ান(One year of Himanta government in Assam) অসমৰ ৰাইজেহে দিব ৷ সৰ্বস্তৰৰ ৰাইজক চৰকাৰখনে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ৫ বছৰত ২৫ লাখ নিবনুৱাক চাকৰি দিবলৈ হ'লে এবছৰত ৫ লাখ চাকৰি দিবলৈ সক্ষম হ'বনে বুলি ৰাজ্য চৰকাৰলৈ প্ৰশ্ন কৰি তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনত মূল্যবৃদ্ধিক লৈ পিঁয়াজৰ মালা পিন্ধা বিজেপিয়ে এতিয়াৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ নিশ্চুপ বুলি কঠোৰ সমালোচনা কৰে ৷
আনহাতে, আন এক প্ৰসংগ উত্থাপন কৰি সম্প্ৰতি অসমত কংগ্ৰেছৰ বেয়া দিন চলি থকা বুলি অকপট স্বীকাৰোক্তি কৰে খোদ দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ প্ৰাক্তন কংগ্ৰেছী ৰিপুণ বৰাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সলনি কেৱল কংগ্ৰেছৰ বিৰুদ্ধেহে যুঁজ দিয়া পৰিলক্ষিত হৈছে বুলি ভূপেন বৰাই তেওঁকো সমালোচনা কৰে ৷