ETV Bharat / state

শিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক - অৰুণাচল প্ৰদেশ

উল্লেখ্য যে নদীখনৰ কাষত খৰি বুটলি থকা তিনিজনকৈ লোকক উটুৱাই লৈ যায় প্ৰলয়ংকৰী বানে । নদীৰ প্ৰবল সোঁতত উটি যোৱা ব্যক্তি কেইজন চৰয়নী গাঁৱৰ সুনিল দাস(৪৫), পুষ্পা ৰয়(১৪)আৰু পৰেশ ৰয়(১০) বুলি জানিব পৰা গৈছে। অৱশ্যে গাঁওখনৰ নাতি দূৰৈত সুনিল দাস আৰু পুষ্পা ৰয়ৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰে।

Nowboicha
নাওবৈচা
author img

By

Published : Aug 14, 2020, 5:21 PM IST

নাওবৈচা,১৪ আগষ্ট: লখিমপুৰ জিলাৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ লগতে শিঙৰাৰ উৎপত্তিস্থলত শুকুৰাবাৰে পুৱতি নিশাৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে নদীখনৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উফন্দি উঠিছে ৷ ফলত বানৰ কবলত পৰিছে নাওবৈচা ৷ হঠাতে মহাপ্ৰলয়ৰ সূচনা হোৱাৰ ফলত অঞ্চলটোৰ ৩০/৪০ খনকৈ গাঁৱৰ বাসিন্দাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। শুকুৰবাৰে প্রায় ৯ বজাত বানে চকুৰ পচাৰতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলহাট বজাৰ সংযোগী গড়কাপ্তানী পথটোৰ জগ্গনাথ মন্দিৰৰ সমীপত প্ৰায় 300 মিটাৰ উটুৱাই নিয়ে ৷ নাওবৈচা ৰাজহ চক্ৰৰ অধীনষ্ঠ চাৰিখনকৈ পঞ্চায়তৰ প্ৰায় ৩০ খন গাঁও সম্পূৰ্ণভাৱে প্লাৱিত কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈকো তীব্র ভাবুকি কঢ়িয়াই আনিছে বানে ।

শিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক

উল্লেখ্য যে নদীখনৰ কাষত খৰি বুটলি থকা তিনিজনকৈ লোকক উটুৱাই লৈ যায় প্ৰলয়ংকৰী বানে । নদীৰ প্ৰবল সোঁতত উটি যোৱা ব্যক্তি কেইজন চৰয়নী গাঁৱৰ সুনিল দাস(৪৫), পুষ্পা ৰয়(১৪)আৰু পৰেশ ৰয়(১০) বুলি জানিব পৰা গৈছে। অৱশ্যে গাঁওখনৰ নাতি দূৰৈত সুনিল দাস আৰু পুষ্পা ৰয়ৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰে। নদীখনৰ সংহাৰী বানে উল্লেখিত পথটো ছিঙি নিয়াত বৰ্তমানে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা সজাল ধৰা শালি খেতি পানীৰ তলত ডুব গৈছে ৷ ফলত কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে। যাতায়ত বন্ধ হৈ আছে।

Nowboicha
নাওবৈচা

লগতে পঢ়কঃ কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

উল্লেখযোগ্য যে শিঙৰানদীয়ে আজি উটুৱাই নিয়া দলহাট বজাৰ সংযোগী পথ-মথাউৰিটো বিগত কেইবাবছৰে জৰাজীৰ্ণ হৈ আছিল যদিও শেহতীয়াকৈ এম জি এনৰেগা আঁচনিৰ জৰিয়তে ৬০ লাখ টকাৰে উক্ত পথ মথাউৰিটো নিৰ্মাণ কৰিছিল। কিন্তু পথ-মথাউৰিটোৰ নিৰ্মাণৰ দায়িত্ব থকা কেইজনমান বিজেপিৰ পালি নেতাই নদীখনৰ কাষতে থকা বালিৰে মথাউৰিটো নিৰ্মাণ কৰা বাবে নদীখনৰ বানে নিমিষতে উটুৱাই নিয়া বুলি অভিযোগ কৰে ৰাইজে । নদীখনৰ বানে নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত দলহাট,সোণাপুৰ, ৰানাবাৰী,কঁঠালপুখুৰী, ৰাজআলি, বলমা, বিষ্ণুপূৰ, বালিটিকা, দিঘপুখুৰী,কোঁৱৰপূৰ, শলমৰীয়া, মহঘুলি, কুটুকাইকে ধৰি জলবন্দী হৈ থকা ৩০/৪০ খন গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী সকলো পানীৰ তলত ডুব যোৱাৰ ফলত জীৱন যাত্ৰা ব্যাহত হৈ এক অভাৱনীয় পৰিস্থিতিৰ সম্মুখীন হৈছে।

বানে জীৱকুললৈও ভাবুকি কঢ়িয়াই আনিছে। আকস্মিকভাৱে অহা আজিৰ বানত দিক বিদিক হেৰুৱা অঞ্চলটোৰ বহু পৰিয়াল এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে । বানে দলহাট বজাৰকে ধৰি বৃহত্তৰ ফুলবাৰী অঞ্চলৰ পথ যোগাযোগৰ একমাত্র গড়কাপ্তানী পথটো উটুৱাই নিয়াত অঞ্চলটোৰ ৰাইজে এতিয়া বহিঃ বিশ্বৰে যোগাযোগ ব্যাহত হৈ আছে । উল্লেখযোগ্য যে যদিহে আজিও এনেদৰে নেৰানেপেৰাকৈ শিঙৰা নদীৰ উৎপত্তিস্থলত বৰষুণ দি থাকে অঞ্চলটোত বান পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি ৰাইজে অৱগত কৰে। আনহাতে জিলা প্ৰশাসনে এই পৰিস্থিতি যি ধৰণৰ তৎপৰতাৰে উদ্ধাৰ কাৰ্য চলাব লাগিছিল তেনেদৰে নচলোৱাৰ অভিযোগ তুলিছে বানপীড়িত ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.