ETV Bharat / state

মুখ্যমন্ত্রীয়ে নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ সপোনক বাস্তৱ ৰূপ দিছে: মানৱ ডেকা

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:01 PM IST

লখিমপুৰত সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ । সাংস্কৃতিক মহাসংগ্ৰাম উদ্বোধন কৰে বিধায়ক মানৱ ডেকাই ।

Sanskritik Mahasangram inaugurated in Lakhimpur
লখিমপুৰত সাংস্কৃতিক মহাসংগ্ৰাম
লখিমপুৰত সাংস্কৃতিক মহাসংগ্ৰাম

লখিমপুৰ, ১১ ডিচেম্বৰ: "ৰাজ্যৰ যুৱক-যুৱতীৰ প্ৰতিভা বিকাশৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই এখন মঞ্চ প্ৰস্তুত কৰি দিছে ।" এই মন্তব্য় বিধায়ক মানৱ ডেকাৰ । সোমবাৰে লখিমপুৰত সাংস্কৃতিক মহাসংগ্ৰাম উদ্বোধন কৰি এনেদৰে মন্তব্য় কৰে বিধায়ক মানৱ ডেকাই ।

তেওঁ পুনৰ কয় যে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই যুৱক-যুৱতীৰ প্ৰতিভা বিকাশৰ সপোনক বাস্তৱ ৰূপ দিছে । ৰাজনৈতিক নেতাই সাধাৰণতে যুৱক-যুৱতীৰ প্ৰতিভা বিকাশৰ হকে ভাষণ দিয়ে উল্লেখ কৰি বিধায়ক মানৱ ডেকাই কয়,"তেওঁলোকৰ কিন্তু প্ৰতিভা বিকাশৰ হকে এখন মঞ্চ দিয়াৰ বেলিকা পিছহুহকি যায় । কিন্তু এইক্ষেত্ৰত ব্যতিক্রম মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা । তেওঁ সাংস্কৃতিক ক্ষেত্ৰতে হওক নাইবা ক্ৰীড়া ক্ষেত্রতে হওক অভিলাষী আঁচনি গ্ৰহণ কৰি বাস্তব ৰূপ দিছে । যাৰ বাবে ৰাজ্যৰ হেজাৰ হেজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ পাইছে ।"

সোমবাৰে লখিমপুৰ নগৰৰ আহুচাউল গাঁৱৰ ৰংগমঞ্চত সমষ্টি ভিত্তিত সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী উদ্বোধন কৰি তেওঁ যে এই অভিলাষী আঁচনি সমুহৰ জৰিয়তে প্ৰতিভাৱান সকলৰ ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ সম্ভাবনাৰ দুৱাৰ মুকলি হৈছে । তেওঁলোকে এই ক্ষেত্ৰসমূহত প্ৰতিষ্ঠা লাভ কৰি সু-নাগৰিক হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । এনে উজ্বল সম্ভাৱনা প্ৰত্যক্ষ কৰি ইতিমধ্যে হেজাৰ হেজাৰ যুৱক-যুৱতী ওলাই আহি সাংস্কৃতিক মহাসংগ্ৰাম, খেল মহাৰণ আদিত অংশগ্রহণ কৰা বুলি তেওঁ কয় ।

বিধায়ক মানৱ ডেকাই ৰাজ্যত এনে এক পৰিবেশ সৃষ্টি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে সকলো প্ৰতিভাৱানকে ওলাই আহিবলৈ আহ্বান জনায় । এই কাৰ্যসূচীত জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, পৌৰপতি নিবেনিতা দত্ত, উপ-পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি আৰু শতাধিক প্ৰতিযোগীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:বিদ্যালয়ৰ সাজতেই দাৱনীৰ ৰূপত বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এজাক শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.