ETV Bharat / state

ড৹ মাধুৰ্য বৰাৰ মৃত্যুৰ তদন্ত বিচাৰি লালুকত প্ৰতিবাদ

author img

By

Published : Mar 14, 2021, 5:13 PM IST

অধ্যাপক ড৹ মাধুৰ্য বৰাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিল লালুক আৰক্ষী থানা ৷ লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে লালুক ঢেকীয়াজুলিবাসীয়ে থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ড৹ মাধুৰ্য বৰা মৃত্যুৰ তদন্ত বিচাৰি লালুক থানাত ৰাইজৰ প্ৰতিবাদ

নাওবৈচা,১৪ মাৰ্চ: দেওবাৰে উত্তাল হ’ল লালুক আৰক্ষী থানাৰ চৌহদ ৷ অধ্যাপক ড৹ মাধুৰ্য বৰাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিল লালুক আৰক্ষী থানা ৷

বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ৰাসায়নিক বিভাগৰ সহকাৰী অধ্যাপক তথা লখিমপুৰ জিলাৰ লালুকৰ সু-সন্তান ড৹ মাধুৰ্য বৰাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি দেওবাৰে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে লালুক ঢেকীয়াজুলিবাসী ৰাইজে লালুক আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ড৹ মাধুৰ্য বৰাৰ মৃত্যুৰ তদন্ত বিচাৰি লালুকত প্ৰতিবাদ

উল্লেখ্য যে, লখিমপুৰৰ লালুক থানাৰ অন্তৰ্গত ঢেকীয়াজুলী জৰিগুৰীৰ মেধাৱী ছাত্ৰ তথা বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ মাধুৰ্য বৰা দহ দিনৰ পূৰ্বৰ পৰাই নিৰুদ্দেশ হৈ আছিল । শনিবাৰে মাধুৰ্য বৰাৰ মৃতদেহ ৰহস্যজনকভাৱে বৰপেটা ৰোডৰ মিলন নগৰত উদ্ধাৰ হয় ।

মাধুৰ্য বৰাৰ এই মৃত্যু সহজভাৱে ল’ব পৰা নাই গৃহভূমি লখিমপুৰৰ ঢেকীয়াজুলিত । সেয়েহে দেওবাৰে লালুক ছাত্ৰ সন্থাৰ লগতে ঢেকীয়াজুলিৰ ৰাইজে অধ্যাপকজনৰ এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি লালুক থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্তৰ দাবী কৰে ৷

লগতে পঢ়ক: জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে যোগেন্দ্ৰ যাদৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.