ETV Bharat / state

বন্ধ হ’ব আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ: ৯০০ পৰিয়াললৈ নামি আহিছে চৰম অনিশ্চয়তা

author img

By

Published : May 23, 2022, 6:18 PM IST

সৰ্বশিক্ষা মিছনৰ এক নিৰ্দেশৰ পাছতেই হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যত । ৯০০ পৰিয়াললৈ নামি আহিছে চৰম অনিশ্চয়তা(Residential special training centre to close) । ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কৰাৰ নিৰ্দেশ লাভ কৰাৰ পাছতেই অনিশ্চয়তাত ভুগিছে কেন্দ্ৰসমূহৰে জড়িত লোকসকলে ।

rstc press meet at lakhimpur
এহাতে নিযুক্তি দি আনহাতে বহুতক কৰ্মহীন কৰিছে চৰকাৰে

লখিমপুৰ,২৩ মে': শিক্ষা বিভাগৰ এখন জাননীয়ে জোকাৰিছে ৰাজ্য । অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই গোপন জাননীয়ে এতিয়া ৯০০ পৰিয়াললৈ নমাই আনিছে জীৱন যুঁজৰ চৰম অনিশ্চয়তা(Uncertainty has descended on many families) । জাননীখনত স্পষ্টভাৱে উল্লেখ আছে, জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ হ'ব ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ(Residential special training centre to close) ।

এই কেন্দ্ৰ সমূহত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু সকলক প্ৰদান কৰা হৈছিল বিশেষ প্ৰশিক্ষণ । এই প্ৰশিক্ষণ কেন্দ্ৰত অধ্যয়ন কৰা শিক্ষাৰ্থী আজিৰ তাৰিখত বিভিন্ন ক্ষেত্ৰত একো একোজন সফল ব্যক্তি । ২০০৩ চনৰ পৰা ২০২২ লৈ এই ১৮ বছৰ কাল নূন্যতম মূল্যত সেৱা আগবঢ়োৱা কৰ্মী সকলক এনেদৰে চৰকাৰে সংস্থাপনহীন কৰি তোলাত ক্ষুব্ধ হৈ পৰিছে কৰ্মীসকল ।

সোমবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত 'আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মী সংস্থা'ই সম্বোধন কৰে এখন সংবাদমেলৰ । সংবাদ মেলত তেওঁলোকে স্পষ্ট কৰি দিয়ে যে চৰকাৰে কৰা এনে অন্যায় সহ্য কৰা নহ’ব । গতিকে আগন্তুক দিনত চৰকাৰে দিব লগা এক লাখ সংস্থাপনত এই সকল লোককো অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাইছে কৰ্মীসকলে ।

অন্যথা তেওঁলোকে ৩০মে'ত গ্ৰহণ কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । সৰ্বশিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ঘেৰাও, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ আবাস ঘেৰাও কৰাৰ উপৰিও প্ৰয়োজনত আত্মজাহৰ হুংকাৰো দিয়ে সংস্থাৰ কৰ্মীসকলে । আবেগিক ভাৱে সংস্থাই সম্বোধন কৰা সংবাদমেলখনত অতিশীঘ্ৰেই চৰকাৰক এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাইছে কৰ্মীসকলে ।

লগতে পঢ়ক: APSC scam: 2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.