ETV Bharat / state

নাৰায়ণপুৰ আৰক্ষীৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাজপথত সাংবাদিক - Journalist

নাৰায়ণপুৰৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Reporters protest Narayanpur
নাৰায়ণপুৰ আৰক্ষীৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাজপথত সাংবাদিক
author img

By

Published : Jun 1, 2021, 8:16 PM IST

লখিমপুৰ, 1 জুন : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে সাংবাদিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাৰায়ণপুৰৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি মালাকাৰে সংবাদ পৰিৱেশনৰ বাবে মটৰ চাইকেলেৰে যোৱা দুই সাংবাদিকক আৱদ্ধ কৰি জৰিমনা বিহাৰ চেষ্টা চলাইছিল ৷

আৰক্ষী বিষয়াগৰাকীৰ এনে গুণ্ডাগিৰিৰ বিৰুদ্ধে সাংবাদিকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰ ।

নাৰায়ণপুৰ আৰক্ষীৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাজপথত সাংবাদিক

সাংবাদিকসকলে প্ৰতিবাদ অব্যাহত ৰখাত অৱশেষত স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা আৰু নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হয় । বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা আৰু ৰাজহ চক্ৰ বিষয়াগৰাকীৰ অনুৰোধত সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰখাৰ সিদ্ধান্ত লয় ।

উল্লেখ্য যে, আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিগত সময়তো সৰ্বসাধাৰণ লোকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে উৎকোচ লোৱাৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ আনহাতে, সাংবাদিকসকলে আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ লগতে তেওঁক বদলিৰ দাবী জনায় ৷

লগতে পঢ়ক : আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.