ETV Bharat / state

মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা একাংশৰ

author img

By

Published : Feb 14, 2020, 5:04 PM IST

ধৰ্মীয় শিক্ষাক লৈ চলি থকা বুলি ঘোষণা কৰি বন্ধ কৰাৰ সিদ্ধান্তক লৈ ব্যাপক আপত্তি মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ ৷ লখিমপুৰৰ ছিনিয়ৰ মাদ্ৰাছাৰ একাংশ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে মাদ্ৰাছাত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয় ৷

Reaction on Madrasa in Lakhimpur
মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা একাংশৰ

লখিমপুৰ, 14 ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ এটা ঘোষণাক লৈ গভীৰ চিন্তাত একাংশ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক ৷ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ হ’ব বুলি কৰা ঘোষণাক লৈ চিন্তিত একাংশ ৷ ধৰ্মীয় শিক্ষাক লৈ চলি থকা বুলি ঘোষণা কৰি বন্ধ কৰাৰ সিদ্ধান্তক লৈ ব্যাপক আপত্তি মাদ্ৰছাৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ ৷ লখিমপুৰৰ ছিনিয়ৰ মাদ্ৰাছাৰ একাংশ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে মাদ্ৰাছাত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয় ৷ ছেবাৰ নিৰ্বাচিত পাঠ্যক্ৰমৰ লগতে মাদ্ৰাছা কাউঞ্চিলে দিয়া পাঠ্যক্ৰম মতেই শিক্ষা দান কৰা হয় প্ৰতিখন মাদ্ৰাছাত এই বুলি মন্তব্য প্ৰদান কৰে ৷

আনহাতে এই সিদ্ধান্তই মাদ্ৰাছাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিমোৰত পেলাইছে বুলিও শিক্ষকসকলে মন্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি তেওঁলোকে কয় যে মাদ্ৰাছা সন্দৰ্ভত ভালদৰে অধ্যয়ন কৰক শিক্ষামন্ত্ৰীয়ে ৷ যদিহে ধৰ্মৰ অজুহাতত মাদ্ৰাছা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেন্তে লখিমপুৰ জিলাতে প্ৰায় 13খন মাদ্ৰাছাৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিব বুলি উল্লেখ কৰে ৷

আৰু পঢ়কঃকৃষিখণ্ডলৈ পৰিৱৰ্তন আনিছে সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.