ETV Bharat / state

Impact of NHPC : বিলুপ্তিৰ পথত সোৱণশিৰিৰ আপুৰুগীয়া সোণালী পিঠিয়া মাছ আৰু শিহু - NHPC controversy news

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই কাল মাতিছে সোৱণশিৰিলৈ ৷ নদীখনৰ গৌৰৱ দুস্প্ৰাপ্য সোণালী পিঠিয়া মাছ আৰু শিহু নোহোৱা হৈ পৰাত প্ৰকৃতিপ্ৰেমী সংগঠন আৰু বিজ্ঞানীয়ে উদ্বেগ প্রকাশ কৰিছে।

Impact of NHPC at Lakhimpur
বিলুপ্তিৰ পথত সোৱণশিৰিৰ আপুৰুগীয়া সোণালী পিঠিয়া মাছ আৰু শিহু
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 9:51 AM IST

বিলুপ্তিৰ পথত সোৱণশিৰিৰ আপুৰুগীয়া সোণালী পিঠিয়া মাছ আৰু শিহু

লখিমপুৰ, ৩০ অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কুফলৰ প্ৰসংগই যোৱা কেইদিনমানৰ পৰা ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে সময়তে নদীখনৰ গৌৰৱ দুস্প্ৰাপ্য সোণালী পিঠিয়া মাছ আৰু শিহু নোহোৱা হৈ পৰাত প্ৰকৃতিপ্ৰেমী সংগঠন আৰু বিজ্ঞানীয়ে উদ্বেগ প্রকাশ কৰিছে।

নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন আৰম্ভ নৌহওঁতেই নামনিৰ ৰাইজে কু-ফল ভুগিবলগীয়া হৈছে। প্ৰকল্পটোৰ সঘন বিজুতি, বিভিন্ন ঘটনাই প্ৰায়েই সংবাদ শিৰোনাম দখল কৰি অহাৰ পাচত কেইদিনমানৰ পৰা সৰ্বাধিক চৰ্চাত আছে প্ৰকল্পটো। প্ৰকল্পটোত নদীখনৰ জলৰাশি আৱদ্ধ হৈ পৰাৰ ফলত প্ৰকল্পৰ নামনিৰ দিশে নদীখন শুকাই যোৱা ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ১৯৫০ ৰ বৰভূঁইকপৰ পাছৰ বিভীষিকাৰ পুনৰাবৃত্তি ঘটিব পাৰে বুলি নৈ-পৰীয়া ৰাইজে বিনিদ্র ৰজনী কটাবলগীয়া হৈছে। প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমৰ হঠকাৰী কাৰ্যক গৰিহণা দি ৰাইজে কঠোৰ ভাষাৰে সমালোচনা কৰি পুনৰবাৰ প্ৰকল্পটো বন্ধ কৰাৰ দাবী তুলিছে। এনেবোৰ ঘটনা পৰিঘটনাই পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে আন কেতবোৰ আনুষংগিক প্ৰশ্ন ও উত্থাপন হৈছে।

উল্লেখ্য যে, সোৱণশিৰি নদী দুস্প্ৰাপ্য জলজ প্রাণী শিহুৰ বাসস্থান। ব্ৰহ্মপুত্ৰ, কুলশী নৈৰ লগতে অসমত সোৱণশিৰি নদীত পোৱা গৈছিল বিৰল প্ৰজাতিৰ শিহু। ইয়াৰ পিচতে গ্ৰীণ হেৰিটেজকে ধৰি একাধিক সংস্থাই নদীখনৰ প্ৰকল্পৰ নামনিৰ দিশে চলোৱা অনুসন্ধানত ২০ টা পৰ্যন্ত শিহুৰ উপস্থিতি প্ৰত্যক্ষ কৰিছিল। তাৰ পিচতে সংগঠনসমূহে নদীখনৰ কেতবোৰ নিৰ্দিষ্ট এলেকা সংৰক্ষণ কৰি শিহুৰ বিচৰণথলী কৰি পৰ্যটনক্ষেত্র ৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰক আবেদন জনাইছিল।

ঠিক তেনেদৰে ৰাজ্যখনৰ ভিতৰতে একমাত্ৰ সোৱণশিৰি নদীত পোৱা যায় বিৰল প্ৰজাতিৰ সোণালী পিঠিয়া মাছ। সম্প্রতি নদীখনৰ পানী শুকাই যোৱাৰ ফলত শিহু অথবা সোণালী পিঠিয়া মাছৰ সন্ধান পোৱা নাই। এই ক্ষেত্ৰত বিজ্ঞানীৰ অনুসৰি নদীখনত প্ৰকল্পটোৰ বাবে ক্ৰমে পানী কমি যাবলৈ ধৰাত শিহু অথবা সোণালী পিঠিয়া মাছ ভটিয়াই ব্ৰহ্মপুত্ৰলৈ গুছি যায়।

লগতে পঢ়ক: Thief Arrested in Guwahati: মহানগৰীত আৰক্ষীৰ জালত পৰিল দুটা চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.