ETV Bharat / state

লখিমপুৰত ৰাইজে ঘেৰাও কৰিলে বিদ্যুৎ বিতৰণ কেন্দ্র

author img

By

Published : Aug 8, 2021, 10:31 PM IST

প্ৰায় এপষেক ধৰি দুখনকৈ গাঁৱৰ ১৭০ টা পৰিয়ালক বিদ্যুৎ লাভৰ পৰা বঞ্চিত কৰাৰ অভিযোগ লখিমপুৰত ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি লীলাবাৰী বালিজানত থকা বিদ্যুৎ বিতৰণ কেন্দ্র (Power Distribution Centre) ঘেৰাও কৰে ৰাইজে ৷

Public Protest Against Electricity Department At Lakhimpur
লখিমপুৰত ৰাইজে ঘেৰাও কৰিলে বিদ্যুৎ বিতৰণ কেন্দ্র

লখিমপুৰ, 8 আগষ্ট : এফালে বিদ্যুতৰ বিল আদায়ৰ বাবে চৰকাৰৰ কঠোৰ নিৰ্দেশ আনফালে বিদ্যুৎ বিচাৰি ৰাইজে প্ৰতিবাদত । এই পৰিস্থিতি সম্প্ৰতি দেখিবলৈ পোৱা গৈছে লখিমপুৰত । লখিমপুৰত (lakhimpur) বিদ্যুৎ বিচাৰি দেওবাৰে বিদ্যুৎ বিতৰণ কেন্দ্ৰত উতপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় লোকে। বিগত ১২ দিন ধৰি লীলাবাৰীৰ বালিজানৰ চটকপুৰ আৰু জালোৱা বস্তি গাঁৱৰ ১৭০ টা পৰিয়াল বিদ্যুৎ লাভৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ৷

অকল সেয়াই নহয়, দীৰ্ঘদিন ধৰি নিশাৰ এন্ধাৰতে থাকিবলগীয়া হোৱাৰ উপৰিও উৎকট গৰমতো দহি থাকিবলগীয়া হৈছে কণ-কণ লৰা-ছোৱালী সকলৰ লগতে গাঁওদুখনৰ 170 টা পৰিয়ালে ৷ ইমান সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ পিছতো ইয়াক সমাধানৰ ক্ষেত্ৰত বিভাগটোৱে কোনো কাণসাৰ নিদিয়াত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷

ইফালে খোৱা পানী টুপি তুলিবলৈ মটৰ চলোৱা, ফ্ৰীজ, মোবাইল চাৰ্জ দিব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অৱশেষত ক্ষুব্ধ হৈ দুয়োখন গাঁৱৰ ৰাইজে দেওবাৰে ঘেৰাও কৰিলে লখিমপুৰ জিলাৰ লীলাবাৰী বালিজান বিদ্যুৎ বিতৰণ কেন্দ্ৰটো।

লগতে পঢ়ক - ত্ৰিপুৰাত TMC ৰ দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ নস্যাৎ বিজেপিৰ

কেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে শতাধিক লোক ৷ বিদ্যুতৰ মাচুল আদায়ৰ বাবে চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ সময়তে বিদ্যুৎ সেৱা লাভৰ পৰা বঞ্চিত হৈ ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হোৱাতো চৰম দুৰ্ভাগ্যজনক আখ্যা ভুক্তভোগীসকলৰ । আনহাতে, একে অঞ্চলতে এফালে বিদ্যুৎ যোগান দিয়াৰ বিপৰীতে আনফালৰ ৰাইজক বঞ্চিত কৰাৰ অভিযোগ তোলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে দুখনকৈ গাঁৱৰ শতাধিক লোক ওলাই আহি লীলাবাৰী বালিজানস্থিত অসম শক্তি বিতৰণ কোম্পানীৰ কেন্দ্ৰটো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তেজিত ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ফলত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ অতি শীঘ্ৰে দুয়োখন গাঁৱৰ ৰাইজক বিদ্যুৎ যোগান ধৰাৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক - পশ্চিম গোৱালপাৰাত অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.