ETV Bharat / state

Indigenous banana tree industry : জাৰ্মানী, আমেৰিকা, কানাডাত সমাদৰ অসমৰ কলগছৰ আহ, মেটেকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:40 PM IST

অসমৰ কলগছৰ আহ অথবা মেটেকাৰ বিশ্বমুখী গতি । এজন লখিমপুৰী যুৱকৰ আদৰ্শনীয় স্বাৱলম্বনৰ সপোনে বাস্তৱ ৰূপ পোৱাৰ বাবেই এতিয়া বাৰীৰ চুকৰ কলগছ জোপা নাইবা খালে ডোঙে অনাদৃত হৈ থকা মেটেকাই জাৰ্মানী, আমেৰিকা, কানাডা আদি দেশত সমাদৃত হৈছে । এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ।

Indigenous banana tree industry
অসমৰ কলগছৰ আহ অথবা মেটেকাৰ বিশ্বমুখী গতি

লখিমপুৰ, ১৫ ছেপ্টেম্বৰ : অসমীয়া সমাজ জীৱনৰ অংগ স্বৰূপ কলগছ । সমাজ জীৱনৰ আহে আহে সোমাই আছে কলগছ । সকাম, বিয়া বাৰুৰ পৰা সকলো মাংগলিক কাৰ্যতে ব্যৱহৃত কল গছৰ পাত, পটুৱা অথবা ফল । অসমীয়া লোক সংগীততো উল্লেখযোগ্য স্থান আছে কলগছৰ ।

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে-পষেকে চিকুণাবা তল, পাত পটুৱা লাভত পাবা, লংকাৰ বণিজ ঘৰতে পাবা - বুলি ডাকৰ বচনতো উল্লেখ আছে কলগছৰ গুৰুত্ব আৰু ইয়াৰ বাণিজ্যিক দিশৰ কথা । কলগছৰ এনে বাণিজ্যিক দিশক সঁচা অৰ্থত দেশে বিদেশে প্ৰসাৰ কৰিছে লখিমপুৰৰ এজন উদ্যমী যুৱকে । তেওঁ হ’ল লখিমপুৰ নগৰৰ বৰমূৰীয়া এলেকাৰ নিবাসী কৃষ্ণ প্ৰতীম বৰদলৈ ।

তেওঁ থলুৱা কলগছৰ উদ্যোগ গঢ়ি তুলিছে । লখিমপুৰৰ খাবলুঘাটৰ ওচৰৰ আলিছিগাৰ উপৰি পশ্চিম বংগ, ঝাৰখণ্ডটো উদ্যোগ স্থাপন কৰিছে । এই উদ্যোগ কেইটাত যন্ত্ৰৰে কলগছৰ পৰা আহ উলিয়াই জাৰ্মানীলৈ ৰপ্তানি কৰা হৈছে । জাৰ্মানীত এই কলগছৰ আহৰ পৰা প্ৰস্তুত কৰা হৈছে কাপোৰ ।

কেৱল ইমানেই নহয় । নৈ, খাল বিল, জলাশয় আদিত অনাদৃত হৈ থকা মেটেকাৰেও তেওঁ দেখুৱাইছে উদ্যোগৰ সম্ভাৱনীয়তা । মেটেকাৰ পৰা তেওঁ বিভিন্ন সা-সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে । ঘৰুৱা ব্যৱহৃত, সৌন্দর্য বৰ্ধনৰ বাবে বিভিন্ন সামগ্ৰী তেওঁ মেটেকাৰ পৰা প্ৰস্তুত কৰিছে ।

ইতিমধ্যে মেটেকাৰ পৰা সজা সা-সামগ্ৰীসমূহ আমেৰিকা আৰু কানাডালৈ ৰপ্তানি কৰিছে । সেই দেশসমূহত প্ৰচুৰ সমাদৰ লাভ কৰিছে মেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীয়ে কৃষ্ণ প্ৰতীম বৰদলৈয়ে । আনহাতে, জাৰ্মানীত কাপোৰ বৱৰ বাবে প্ৰেৰণ কৰা কলগছৰ আহেও প্ৰচুৰ সমাদৰ লাভ কৰিছে ।

লক্ষ্যণীয় কলগছৰ আহ উৎপাদন প্ৰক্ৰিয়াই বহুমূখী প্ৰকল্পৰ ৰূপ পৰিগ্ৰহ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে । কিয়নো কলগছৰ আহ প্ৰস্তুত কৰাৰ পাচত জাৱৰ ৰূপে ৰৈ যোৱাখিনি কেচুসাৰ উৎপাদনৰ উৎকৃষ্ট ধাৰক ৰূপে চিহ্নিত হৈছে । এইলৈ ইতিমধ্যে কেঁচুসাৰ উৎপাদনৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ।

লগতে পঢ়ক : Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক

তাৰোপৰি আহ উৎপাদনৰ সময়ত ওলোৱা পানীভাগ কীটনাশক ৰূপে শষ্য ক্ষেত্ৰত প্ৰয়োগ কৰাৰ সম্ভাৱনাও প্ৰকাশ পাইছে । এই ক্ষেত্ৰত অৱশ্যে তেওঁ প্ৰাথমিক পৰ্যায়তে পৰীক্ষা নিৰীক্ষা কৰি আছে । অচিৰেই কীটনাশক প্ৰস্তুত কৰিব পৰা হ’ব বুলি তেওঁ আশাবাদী ।

আইনা ৱেলফেয়াৰ ফাউণ্ডেচন নাম দি তাৰ বেনাৰতে কাম কৰি হৈছে কৃষ্ণ প্ৰতীম বৰদলৈয়ে । তেওঁৰ এই উদ্যোগত সাত শতাধিক লোক আংশিক অথবা পূৰ্ণকালীন ৰূপে নিযুক্ত হৈ স্বাৱলম্বী হ’ব পাৰিছে। উদ্যমী যুৱক কৃষ্ণ প্ৰতীম বৰদলৈৰ এই সাহসী তথা আদৰ্শনীয় স্বাৱলম্বনৰ যাত্ৰাত দিহা পৰামৰ্শৰ পৰা আৰ্থিক আঁচনি দিয়া লৈকে সহায়ৰ হাত আগবঢ়াইছে লখিমপুৰৰ এছ বি আইৰ এঙাৰখোৱা শাখাৰ পৰিচালক ৰজী দলে পেগুৱে ।

তেওঁ কৃষ্ণ প্ৰতীমৰ সাহসী যাত্ৰাত অৰিহণা যোগাই আন যুৱক সকলকো এনে ধৰণে স্বাৱলম্বী হোৱাৰ বাবে কিবা কৰাৰ বাবে উদগনি যোগাইছে । থলুৱা সামগ্ৰীৰ বিশ্ব বিজয়ৰ পথ মসৃণ কৰাৰ লগতে হেজাৰজন নিবনুৱাৰ বাবে আদৰ্শ এতিয়া কৃষ্ণ প্ৰতীম ৷

বাৰীৰ চুকৰ অনাদৃত কলগছ অথবা খালে ডোঙে পৰি থকা অসমৰ মেটেকাক বিশ্বমুখী কৰি প্ৰকল্পৰ ৰূপ দিবলৈ সক্ষম হোৱা কৃষ্ণ প্ৰতীম বৰদলৈৰ এই যাত্ৰাক সকলোৱে শলাগ জনাইছে ।

লগতে পঢ়ক : Neglected Bhupen Hazarika Memorial Open Stage : সুধাকণ্ঠক এলাগী; ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.