ETV Bharat / state

Effigy burnt in Lakhimpur: লখিমপুৰত জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Aug 18, 2023, 6:26 PM IST

শুকুৰবাৰে লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে একাধিক সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰে । উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্র সন্থাই নগৰৰ মাজ মজিয়াত শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

Power minister effigy burnt in Lakhimpur
লখিমপুৰত জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা

লখিমপুৰ,১৮ আগষ্ট: লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ছাত্র সন্থাৰ প্ৰতিবাদ । নগৰৰ মাজত জ্বলালে মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা । অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে শুকুৰবাৰে লখিমপুৰত একাধিক সংগঠনে বিভাগটোৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । আন সংগঠনৰ লগতে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্র সন্থায়ো নগৰৰ মাজত লখিমী চাৰিআলিত শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

শক্তি মন্ত্রী কাম নাই, বিদ্যুৎ বিভাগ হায় হায়, শক্তি মন্ত্রী হুচিয়াৰ আদি শ্লোগান দি ছাত্র সন্থাই বিভাগীয় মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰে । প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে তীব্র ক্ষোভ প্রকাশ কৰি কয় যে, ৰ'দ দিলেও বিদ্যুৎ নাথাকে, বৰষুণ দিলেও বিদ্যুৎ নাথাকে । বিভাগটো পৰিচালনা কৰাত ব্যৰ্থ হৈছে অকৰ্মন্য শক্তি মন্ত্রী নন্দিতা গাৰ্লোচা ।

সঘনাই বিদ্যুৎ কৰ্তন কৰি এইহেন গৰমত বিভাগটোৱে ৰাইজৰ জ্বলাকলা খুৱাইছে ৷ এফালে মাচুল বৃদ্ধি কৰি ৰাইজক টেটুচেপা দিয়া বিভাগটোৱে আনফালে সঘনাই বিদ্যুৎ কৰ্তন কৰি ৰাইজক নাকনি-কাণনি কৰিছে ৷ শক্তি মন্ত্রীগৰাকী নামতহে আছে কামত নাই বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । লগতে কোনো গ্ৰাহকৰ দুহেজাৰ টকা বিল হলেই সংযোগ কৰ্তন কৰাত সিদ্ধাহস্ত বিভাগটোৱে কিন্তু বিদ্যুৎ যোগান নিয়মীয়া কৰাত একোৱেই নকৰাৰো অভিযোগ উত্থাপন কৰে ।

প্ৰতিবাদকাৰীসকলে চৌবিছ ঘন্টাই বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী জনাই উৎকট গৰমত ৰাইজক হাৰাশাস্তি কৰাৰ লগতে ছাত্র-ছাত্রীৰ অধ্যয়নত বিঘিনি জন্মোৱা বিদ্যুৎ বিভাগে অচিৰেই যদি বিদ্যুৎ যোগান নিয়মীয়া নকৰে তেন্তে ছাত্র সন্থাই জোৰদাৰ ৰূপত তীব্র প্রতিবাদ সাব্যস্ত কৰিব বুলি শক্তি বিভাগক সকিয়াই দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি পিংকু বৰদলৈসহ ভালেখিনি ছাত্র কৰ্মীয়ে অংশগ্রহণ কৰে ।

উল্লেখ্য ছাত্র সন্থাই শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰাৰ সময়ত আৰক্ষীয়ে পানী ঢালি জুই নুমুৱাৰ চেষ্টা চলোৱাৰ লগতে অৰ্ধদগ্ধ পুত্তলিকা টো আজুৰি আঁতৰলৈ লৈ যায় । তেনে সময়তে প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ টনা আঁজোৰাৰ এক পৰিস্থিতিৰো সৃষ্টি হয় ।

লগতে পঢ়ক: Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.