লখিমপুৰ, 26 এপ্ৰিল : লক ডাউনৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ পৰাত শৈক্ষিক দিশত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷ চৰকাৰী নিৰ্দেশনা পালন কৰি চৰকাৰী বিদ্যালয়সমূহে অনলাইন ব্যৱস্থাৰে শিক্ষাদান কৰাৰ চেষ্টা চলাইছে যদিও জটিলতা দেখা দিছে বিভিন্ন ক্ষেত্ৰত ৷ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰম্ভ কৰিছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে অনলাইন পাঠদানৰ ব্যৱস্থা ৷
বিদ্যালয়খনৰ শিক্ষকসকলে ঘৰৰ পৰাই প্ৰতিটো শ্ৰেণীতে হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা হাতত লৈছে ৷ এইক্ষেত্ৰত স্মাৰ্ট ফোন নথকাসকলে অৱশ্যে সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষকসকলৰ যোগাযোগ সম্ভৱ হোৱা নাই ৷
আনহাতে, ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে বহি ডিজিটেল পদ্ধতি অথবা অনলাইনত শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে মোবাইল নেটৱৰ্কে ৷ নাৰায়ণপুৰত হোৱা দুৰ্বল নেটৱৰ্কৰ বাবে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ যোগাযোগ সম্ভৱ হোৱা নাই ৷
লগতে পঢ়ক : ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱঃ সমবায়ৰ এজেণ্টৰ বিৰুদ্ধে অভিযান মৰাণত