ETV Bharat / state

হায়দৰাবাদত গুৰুতৰভাৱে অসুস্থ অসমৰ এজন ব্যক্তি

author img

By

Published : Jul 15, 2020, 8:43 PM IST

নাওবৈচাৰ এটা দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ ৷ কৰ্মসূত্ৰে হায়দৰাবাদত থকা পৰিয়ালটোৰ ৰাজীৱ কলিতা নামৰ মূল ব্যক্তিজন বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হ'বলগা হৈছে ৷ ইতিমধ্যে শৰীৰৰ এটা ফাল সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে ব্যক্তিজনৰ ৷ ইফালে আৰ্থিক সংকটে জুৰুলা কৰা পৰিয়ালটোৱে চিকিৎসাৰ বাবে টকা গোটাব নোৱাৰি দিকবিদিক হেৰুৱাই পেলাইছে এই মূহুৰ্তত ৷

Nowboicha_Family_need_help_From_government_and_people
হায়দৰাবাদত গুৰুতৰভাৱে অসুস্থ অসমৰ এজন ব্যক্তি

নাওবৈচা,১৫ জুলাইঃ লক ডাউনৰ মাজতে লখিমপুৰৰ নাওবৈচাৰ ফুলবাৰীৰ এটা দৰিদ্ৰ পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ । হায়দৰাবাদত কৰ্মৰত জিলাখনৰ ফুলবাৰী ১ নং মাজগাঁৱৰ ৰাজীৱ কলিতা নামৰ ব্যক্তিজন সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হ'বলগা হৈছে হায়দৰাবাদৰ ওচমানিয়া জেনেৰেল হাস্পতালত ।

ইতিমধ্যে শৰীৰৰ এটা ফাল সম্পূৰ্ণ বিকল হৈ পৰিছে ব্যক্তিজনৰ আৰু ইয়াৰ বাবেই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে ফুলবাৰীৰ ৰাজীৱ কলিতাৰ দৰিদ্ৰ পৰিয়ালটোৱে । কৰ্মৰত অৱস্থাতে দুটা দিনৰ পূৰ্বে আকস্মিকভাবে প্ৰেছাৰ ষ্ট্ৰক হৈ অসুস্থ হৈ পৰিছিল ব্যক্তিজন । প্ৰথমে কৰ্মৰত কোম্পানীটোৰ ফালৰ পৰা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও এতিয়া কোনো দায়িত্ব বহন কৰা নাই কোম্পানীৰ কৰ্তৃপক্ষই । ওছমানিয়া জেনেৰেল হাস্পতালত তেওঁৰ এজন বন্ধুৱে সম্প্ৰতি তত্বাৱধান কৰি আছে যদিও দেখা দিছে ব্যাপক অৰ্থ সংকটে ।

ৰাজীৱ কলিতাৰ পত্নীৰ বেংক একাউন্ট
কাৰণ দীঘলীয়া চিকিৎসা চলিব, ইফালে হাতত যোগাৰ নাই টকা-পইচা । দুটা সন্তানৰ পিতৃ ৰাজীৱ কলিতাৰ পৰিয়ালটোৱে সেয়ে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় ৷ লগতে কোনো সুহৃদয়ৱান লোকে সহায় কৰিব বিচাৰিলে টকা জমা দিব পাৰিব ৰাজীৱ কলিতাৰ পত্নীৰ একাউন্ট নম্বৰত ৷ লগতে পঢ়কঃঅখিল গগৈক মুক্তি দিবলৈ আহ্বান প্ৰফুল্ল কুমাৰ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.