ETV Bharat / state

বায়ুসেনাৰ সামৰিক প্ৰশিক্ষণে বিপদ মাতিব নেকি NHPCলৈ ?

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 12:07 PM IST

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ ৰাইজৰ শংকা আৰু সংশয়ৰ অন্ত নাই । থুনুকা পাহাৰ খহি প্ৰকল্পটো ভাগি পৰাৰ আশংকাৰ উপৰি শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাৰ বোমা-বাৰুদৰ প্ৰৱল শব্দত প্ৰকল্পটোৰ ক্ষতি হ'ব পাৰে বুলি ৰাইজে আশংকা প্রকাশ কৰিছে(Danger to NHPC) ।

NHPC likely to be damaged due to military training of Air Force
বায়ুসেনাৰ সামৰিক প্ৰশিক্ষণে বিপদ মাতিব নেকি NHPCলৈ ?

বায়ুসেনাৰ সামৰিক প্ৰশিক্ষণে বিপদ মাতিব নেকি NHPCলৈ ?

লখিমপুৰ,২৮ ডিচেম্বৰ: লখিমপুৰ, ধেমাজি জিলাৰ সীমামূৰীয়া অৰুণাচলৰ একাংশক সামৰি গেৰুৱামুখত নিৰ্মাণ কৰা দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোক লৈ বিতৰ্কৰ অন্ত নাই । ভূমিকম্প প্ৰৱণ অঞ্চলত অন্তৰ্গত অৰুণাচল প্ৰদেশৰ থুনুকা পাহাৰত নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ বান্ধ ভাগি ভবিষ্যতে কেৱল লখিমপুৰ, ধেমাজিকে নহয় সমগ্ৰ উত্তৰ অসমতে দুৰ্যোগ সৃষ্টি কৰাৰ আশংকাত ৰাইজ তথা বিভিন্ন দল সংগঠনে দুটা দশক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

প্ৰকল্পটো বন্ধৰ দাবীত ২০১১ চনত লখিমপুৰ ধেমাজিত প্ৰতিবাদৰ জুই জ্বলিছিল । সেই প্ৰতিবাদৰ ওচৰত সেও মানি তেতিয়াৰ কংগ্ৰেছী চৰকাৰখনে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ বাধ্য হয় । কিন্তু ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ লগে লগে প্ৰকল্পটোৰ পুনৰ নিৰ্মাণ আৰম্ভ হয় আৰু নতুন বছৰৰ আগভাগতে উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য লোৱা হয় । প্ৰৱল প্ৰতিবাদকো আওকাণ কৰি কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে ।

এনে সময়তে প্ৰকল্পটোকলৈ ৰাইজে আন এক আশংকা প্রকাশ কৰিছে । থুনুকা পাহাৰত নিৰ্মাণ কৰা প্ৰকল্পটো ভূমিকম্প নাইবা আন তেনে কোনো প্ৰাকৃতিক দুৰ্যোগত ভাগি পৰাৰ আশংকাৰে ৰাইজ তথা বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও শেহতীয়া কৈ আন এক আশংকা ঘনীভূত হৈছে । এইবাৰ ভাৰতীয় বায়ু সেনাৰ সামৰিক অনুশীলন কালত সৃষ্টি হোৱা উচ্চ প্ৰাৱল্যৰ শব্দৰ কম্পনত প্ৰকল্পটোৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ পাইছে । কিয়নো প্ৰকল্পটোৰ নিচেই কাষতে দুলং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আছে ভাৰতীয় বায়ু সেনাৰ এক সামৰিক অনুশীলন ক্ষেত্র ।

বছৰটোৰ বিভিন্ন সময়ত ভাৰতীয় বায়ু সেনাই এই অনুশীলন ক্ষেত্রত বিমানৰ পৰা ৰকেট নিক্ষেপ, বোমা বৰ্ষণ আদিৰ অনুশীলন কৰে । এনেদৰে কৰা বোমা বৰ্ষণ, ৰকেট নিক্ষেপত প্ৰচণ্ড শব্দৰ সৃষ্টি হয় । সেই শব্দৰ প্ৰাৱল্যত প্ৰায় কুৰি বৰ্গকিলোমিটাৰ এলেকাত থৰথৰাই কঁপি উঠে বাসগৃহসমূহ ।

শব্দৰ প্ৰাৱল্য অনুভূত হয় সমগ্র জিলাখনত । এনে প্ৰচণ্ড শব্দৰ প্ৰাৱল্যত কাষতে থকা সোৱণশিৰি প্ৰকল্পকো জোকাৰি থাকিব । যাৰবাবে তাৎক্ষণিকভাৱে নহ’লেও লাহে লাহে প্ৰকল্পটোৰ ক্ষতি কৰাৰ আশংকা আছে । ৰাইজে এই আশংকা ব্যক্ত কৰি এই ক্ষেত্ৰত প্ৰকল্পটোৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এনএইছপিচিক চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: বিবাহৰ বাবে পৰিয়ালৰ লোক মান্তি নোহোৱাত আত্মহননৰ চেষ্টা প্ৰেমিক-প্ৰেমিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.