ETV Bharat / state

Ayushman Bharat : লখিমপুৰত আনুষ্ঠানিকভাৱে আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ বিধায়ক মানৱ ডেকাৰ - Lakhimpur Medical College Hospital

জনহিতাৰ্থে প্ৰচলন কৰা আঁচনিসমূহৰ অন্যতম হ’ল আয়ুস্মান ভাৰত আঁচনি ৷ শুকুৰবাৰে লখিমপুৰত আনুষ্ঠানিকভাৱে এই আঁচনিৰ কাৰ্ড (Ayushman Bharat Card) বিতৰণ শুভাৰম্ভ কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷

Ayushman Bharat
লখিমপুৰত আয়ুস্মান ভাৰত কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ বিধায়ক মানৱ ডেকাৰ
author img

By

Published : May 12, 2023, 6:05 PM IST

লখিমপুৰত আয়ুস্মান ভাৰত কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ বিধায়ক মানৱ ডেকাৰ

লখিমপুৰ ১২ মে’: লখিমপুৰ বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰী জন আৰোগ্য কাৰ্ড বিতৰণ কাৰ্যৰ শুভাৰম্ভণি ৷ স্বাস্থ্য বিভাগৰ উদ্যোগত শুকুৰবাৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (Pradhan Mantri Jan Arogya Yojana) কাৰ্ড বিতৰণ কাৰ্যসূচী ৷ ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ ৷

বিধায়ক মানৱ ডেকাই অনুষ্ঠানটোত ভাষণত কয়, ‘‘আমাৰ এক প্ৰচলিত ব্যৱস্থা আছে, কিন্তু এই প্ৰচলিত ব্যৱস্থাৰ ওপৰত চিন্তা চৰ্চা কৰি জনসাধাৰণৰ উপকাৰৰ বাবে চিন্তা কৰা ৰাজনীতিবিদ বহু কম যদিও তেনেধৰণৰ বিশেষ ৰাজনীতিবিদ আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাবে পাইছোঁ ৷ যেতিয়া এখন ঘৰৰ এজন সদস্যৰ বেমাৰ হয় তেতিয়া সেই ঘৰখনে অৰ্থনৈতিকভাৱে যি সমস্যাৰ সন্মুখীন হয় সেই কথাৰ অনুধাৱন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ আৰম্ভণি কৰিছিল যাৰ জৰিয়তে উক্ত কাৰ্ড থকা ব্যক্তিয়ে ৫ লাখ টকালৈ চিকিৎসা সাহায্য লাভ কৰিব (Ayushman Bharat Card) ৷’’

লগতে তেওঁ কয়, ‘‘অসমৰ কোনো মানুহেই এই কাৰ্ডৰ ব্যৱহাৰ কৰিব লগা নহওক, অৰ্থাৎ কোনো মানুহেই বেমাৰৰ সন্মুখীন নোহোৱাকৈ এক সুস্থ জীৱন যাপন কৰক ৷ কিন্তু এই কথা সম্ভৱ নহয় । মানুহৰ বেমাৰ হ’বই আৰু তেতিয়াই এই আয়ুষ্মান কাৰ্ডে মানুহজনক আৰ্থিকভাৱে সহায় কৰিব ।’’ বিধায়ক ডেকাই এই কথা উল্লেখ কৰি আশা কৰ্মীসকলক এই কাৰ্য ঘৰে ঘৰে গৈ সফল কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে (MLA Manab Deka) ৷

‘‘বৰ্তমান সময়ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চালুকীয়া অৱস্থাত আছে (Lakhimpur Medical College Hospital) ৷ এনে অৱস্থাটো ৰাইজক চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই দিনে নিশাই কষ্ট কৰি আহিছে ৷ আগন্তুক দিনত যেতিয়া এই চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসক আহিবলৈ আৰম্ভ কৰিব তেতিয়াই ৰাইজে অধিক সুবিধা লাভ কৰিব ৷’’ তেওঁ লগতে কয় ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাত এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ অনুমোদম দিছে আৰু আগন্তুক সময়ত খুব কম দিনৰ ভিতৰতে এয়া আৰম্ভ হ’ব আৰু তেতিয়া ৰাইজে অধিক চিকিৎসা সেৱা লাভ কৰিব বুলিও বিধায়কজনে মন্তব্য কৰে ৷

জিলাৰ উপায়ুক্ত সুমিত সত্তৱানে মন্তব্য কৰি কয় যে, বৰ্তমান জিলাখনৰ ৮,৮৩, ৯৪৯ জন হিতাধিকাৰীৰ ভিতৰত ৫,০৭,৮২১ জনৰ জন আৰোগ্য কাৰ্ডৰ ই কে ৱাই চি সম্পূৰ্ণ কৰা হৈছে ৷ আগন্তুক দিনত জিলাখনত ১০০ শতাংশ ই-কে ৱাই চি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হ’ব ৷

লগতে পঢ়ক: Angarag Papon Mahanta hospitalized: হাস্পতালত ভৰ্তি অংগৰাগ পাপন মহন্ত , কি হ’ল পাপনৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.