ETV Bharat / state

BJP slams Congress: কৃষ্ণক সমালোচনা কৰাজনৰ সমান নিধক নাই: জয়ন্ত মল্ল

author img

By

Published : Jul 31, 2023, 4:43 PM IST

লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত জিলাখনৰ ১০৩ খন জলজীৱন আঁচনিৰ সামূহিক শুভাৰম্ভ । এই অনুষ্ঠানৰ পিচতেই মন্ত্রী জয়ন্ত মল্ল বৰুৱা সৰৱ হৈ পৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ।

Controversial comment on Lord Srikrishna
জলজীৱন আঁচনিৰ সামূহিক শুভাৰম্ভ
জলজীৱন আঁচনিৰ সামূহিক শুভাৰম্ভ

লখিমপুৰ, ৩১ জুলাই: প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই শ্ৰীকৃষ্ণ সন্দৰ্ভত কৰা মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তেওঁক এই মন্তব্য়ৰ বাবে বিভিন্ন দল-সংগঠনে গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে । এনে প্ৰেক্ষাপটৰ মাজতে সোমবাৰে লখিমপুৰত তেওঁক নিধক, কুলাংগাৰ বুলি মন্তব্য় কৰিলে পৰ্যটন মন্ত্রী জয়ন্তমল্ল বৰুৱাই ।

মন্ত্রী জয়ন্তমল্ল বৰুৱাই কয় যে উপাস্য দেৱতাক তাচ্ছিল্য কৰাজন নিধক । জাতিটোৰ বাবে কুলাংগাৰ । সোমবাৰে লখিমপুৰত চৰকাৰী কাৰ্যসূচী লৈ উপস্থিত হোৱা মন্ত্রী জয়ন্তমল্ল বৰুৱাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ এইদৰে কয় । প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই শ্ৰীকৃষ্ণৰ বিষয়ে দুদিন মানৰ পূৰ্বে তৰল মন্তব্য কৰা বাবে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাক নিধক, কুলাংগাৰ বুলি কয় ।

তেওঁ পুনৰ কয়,"স্ব-ধৰ্মক লৈ গৌৰৱ নকৰাজন জাতিটোৰ বাবে কুলাংগাৰ । সনাতনী সভ্যতাত জন্ম গ্রহণ কৰি শ্ৰীকৃষ্ণক যি সমালোচনা কৰে তাৰ সমান নিধক নাই । তেওঁৰ এনে মন্তব্য জাতিটোৰ বাবে দুৰ্ভাগ্যজনক । সনাতনী ধৰ্মৰ বাহিৰে আনধৰ্মত উপাস্যজনক তাচ্ছিল্য কৰা নহয় । তেওঁলোক ঐক্যবদ্ধ ।" সনাতনী ধৰ্মৰ মানুহেও ঐক্যবদ্ধ হৈ উপাস্য দেৱতাক তাচ্ছিল্য কৰা বন্ধ কৰাৰ পোষকতা কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ।

উল্লেখ্য লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে জিলাখনৰ ১০৩ খন জলজীৱন আঁচনিৰ সামূহিক শুভাৰম্ভ কৰে । এই আঁচনি সমুহ শুভাৰম্ভ কৰি তেওঁ কয় আগন্তক তিনি চাৰি বছৰলৈ আঁচনি সমূহ সুচল কৰি ৰখাত চৰকাৰে সহায় কৰিব । পৰৱৰ্তী সময়ত ৰাইজে নিজেই আঁচনি সমূহ পৰিচালনা কৰিব লাগিব বুলি কয় মন্ত্রী জয়ন্তমল্ল বৰুৱাই । আঁচনি ৰূপায়নত দুৰ্নীতি হ'লে ক্ষিপ্ৰতাৰে তদন্ত কৰা হ'ব বুলিও মন্ত্রীগৰাকীয়ে কয় । এই অনুষ্ঠানটোত জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ লগতে বিধায়ক মানৱ ডেকাও অংশগ্রহণ কৰে ।

লগতে পঢ়ক:Bajrang Arms training: আৰক্ষীৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰঙৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ! চৰকাৰক তুলাধুনা মীৰা বৰঠাকুৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.