ETV Bharat / state

Ajanta Neog at Lakhimpur : লখিমপুৰৰ ত্যাগক্ষেত্ৰত বিজেপিৰ গণ সমাৱেশ, মন্ত্ৰী অজন্তা নেওগৰ অংশগ্ৰহণ - লোকসভা নির্বাচন

সমাগত লোকসভা নির্বাচনলৈ সাজু হৈছে শাসক-বিৰোধী দলসমূহ। শাসকীয় বিজেপি দলে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে গণসমাবেশ আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে ৷ সোমবাৰে লখিমপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা গণসমাৱেশত অংশগ্ৰহণ কৰে মন্ত্রী অজন্তা নেওগে।

Minister Ajanta Neog
লখিমপুৰ বিধানসভা সমষ্টিত বিজেপিৰ গণ সমাৱেশ
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 3:38 PM IST

লখিমপুৰত বিজেপিৰ গণ সমাৱেশ

লখিমপুৰ, 6 নৱেম্বৰ : লখিমপুৰত সোমবাৰে লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে মন্ত্ৰী অজন্তা নেওগে ৷ সোমবাৰে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত হোৱা গণ সমাৱেশ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগৰ লগতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰা সমাৱেশখনত বক্তা সকলে বিৰোধী কংগ্ৰেছ দলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক অখিল গগৈ আদিৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে ৷

এই সভাত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ আলোকপাত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে উপস্থিত মন্ত্ৰী-বিধায়ক তথা বিজেপিৰ নেতাসকলে ৷ সঠিক নেতৃত্বই ৰাজ্য অথবা দেশক বিশ্বৰ চকুত পৰাকৈ আগুৱাই নিয়াৰ কথা কয় তেওঁলোকে ৷ বিজেপিৰ উন্নয়নৰ ধাৰাই আগন্তক নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰাব বুলি তেওঁলোকে কয় ৷

লগতে তেওঁলোকে দলৰ কৰ্মী সকলক চৰকাৰৰ উন্নয়নমূলক আঁচনি সমূহৰ কথা সাধাৰণ ৰাইজৰ ওচৰত বিলাই দি তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষমতালৈ অনাত অৰিহণা যোগাবলৈ আহ্বান জনায় ৷ গণ সমাবেশত অংশগ্ৰহণ কৰাৰ পূৰ্বে মন্ত্ৰী অজন্তা নেওগে লখিমপুৰ নগৰৰ মাজ মজিয়াত 38 লাখ টকাৰে নিৰ্মাণ কৰা এটা ক্লক টাৱাৰ উদ্বোধন কৰে ৷ নগৰৰ সাত নম্বৰ ৱাৰ্ডত 38 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ক্লক টাৱাৰটো আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানৰ মাজেৰে মন্ত্ৰী অজন্তা নেওগে শুভ উদ্বোধন কৰে ৷

ইয়াৰ উপৰিও উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰো ভূমি পূজন অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে ৷ এই কাৰ্যসূচীৰ পিছতেই ত্যাগক্ষেত্ৰত অনুষ্ঠিত বিজেপি দলৰ গণ সমাৱেশত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে ৷

লগতে পঢ়ক : Loksabha electionm 2024: অজগৰৰ দৰে বিজেপিয়ে গিলি পেলাইছে অগপক; ভূপেন কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.