গুৱাহাটী,14 মাৰ্চ : ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰৰ ৰয়েল ট্ৰিট হাস্পতাল । চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে ফকৰুদ্দিন আহমেদ নামৰ লোকজনৰ মৃত্যু হ'ল বুলি অভিযোগ মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ ।
বুকুৰ বিষ অনুভৱ কৰা ৰোগীজনক এটা বেজি দিয়াৰ পাচতে অৱস্থা সংকটজনক হৈ পৰাত চিকিৎসক-নাৰ্চ সকলো পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ কেৱল এয়াই নহয় , ৰোগীক দিয়া সকলো ঔষধ লুকুৱাই থোৱাৰো অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।