ETV Bharat / state

Landslide in NHPC: NHPCৰ ডাইভাৰছন টাৰ্নেলৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি

বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত পুনৰ অঘটন ৷ ডাইভাৰছন টাৰ্নেলৰ ওপৰত খহি পৰিল পাহাৰ ৷ বাওঁ পাৰৰ পাহাৰ খহি পৰে বান্ধটোৰ ওপৰত(Landslide on the NHPC diversion tunnel in Lakhimpur) । ততাতৈয়াকৈ শ্ৰমিকসকলক প্ৰেৰণ কৰা হয় নিৰাপদ স্থানলৈ । চলিত বছৰৰ জুন মাহৰ পৰা জলবিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য আছিল NHPC ৰ ।

Landslide on the NHPC diversion tunnel in Lakhimpur
NHPC টাৰ্নেলৰ ওপৰত খহি পৰিল পাহাৰ
author img

By

Published : Apr 3, 2023, 2:49 PM IST

NHPC ৰ গেৰুকামুখ বান্ধত খহি পৰিল পাহাৰ

লখিমপুৰ, ৩ এপ্রিল: বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পুনৰ বিপদ মাতিছে সমীপৱৰ্তী ৰাইজলৈ । প্ৰকল্পটোৰ কাষৰীয়া পাহাৰত ভয়ংকৰ ভূমিস্খলন । যোৱা কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান মূল বান্ধৰ কাষত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা(Landslide damages NHPC lower Subansiri Dam) ।

মূল বান্ধৰ কাষত এটা টাৰ্নেলৰ ওপৰত ভয়ংকৰ ৰূপত খহি পৰে পাহাৰৰ মাটি(Landslide on the NHPC diversion tunnel in Lakhimpur) । নেৰানেপেৰা বৰষুণৰ ফলত বাওঁ পাৰৰ পাহাৰ খহি পৰে বান্ধটোৰ ওপৰত । সাম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি নিয়োজিত শ্ৰমিকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে কৰ্তৃপক্ষই । ৫ টা ৱাটাৰ টাৰ্নেলৰ দুটা ইতিমধ্যে যোৱা বছৰ বাৰিষাতে বহি যোৱাৰ ফলত এই বৰ্ষৰ বাৰিষাত অত্যাধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে(NHPC Lower Subansiri Dam) ।

উল্লেখ্য দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নিৰ্মীয়মান প্ৰকল্পটোৰ পৰা অদূৰ ভবিষ্যতে ভূমিকম্প বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰি শতাধিক দল-সংগঠন তথা ৰাইজে লখিমপুৰ ধেমাজিত দশকৰো অধিক কাল প্ৰতিবাদ, আন্দোলন কৰি আহিছে । পিছে ভূমিকম্পৰ কথা বাদেই এতিয়া এজাক বৰষুণতে প্ৰকল্পটোৱে দুৰ্যোগ নমাই আনিছে(Lower Subansiri Hydropower Poject) ।

বিগত বাৰিষা কালতো কেইবাবাৰো পাহাৰ খহা, ক’ভাৰ ডেম ভাগি পৰা আদি বহুকেইটা ঘটনা সংঘটিত হৈছিল । ফলত বানত বুৰ গৈছিল লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল । সম্প্ৰতি খৰালি কাল যদিও দুদিনমান ধৰি হোৱা বৰষুণৰ ফলত প্ৰকল্পটোত পাহাৰ খহি সংঘটিত হয় এই অঘটন । এনে ঘটনাই এই প্ৰকল্পটোৱে ভবিষ্যতে ভয়ংকৰ দুৰ্যোগ নমাই আনিব বুলি ৰাইজে কৰা আশংকা সত্য বুলি প্ৰতীয়মান কৰিছে (Protest against NHPC) ।

লক্ষ্যণীয়ভাৱে ৰাইজৰ দাবী আৰু প্ৰতিবাদক আওকাণ কৰি চৰকাৰে বলপূর্বকভাৱে প্ৰকল্পটোৰ উৎপাদন আৰম্ভ কৰাৰ প্ৰস্তুতি কৰিছে । ইফালে খুব সোনকালেই প্ৰকল্পটোৰ দুটা গোটৰ উৎপাদন আৰম্ভ হ'ব । এনে সময়ত প্ৰকল্পটোত সংঘটিত এই ভূমিস্খলনৰ ঘটনাই ভবিষ্যতৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: Rupjyoti Kurmi criticizes AAP : দিল্লীত ৫০০ খন বিদ্যালয়হে আছে বুলি কেজৰিৱালক কটাক্ষ বিধায়ক কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.