ETV Bharat / state

৪ দিনে সন্ধানহীন লখিমপুৰৰ এজন যুৱক

author img

By

Published : Oct 2, 2020, 4:49 PM IST

বিগত ৪ দিনে সন্ধান নাই লখিমপুৰৰ ভূৱন দাসৰ। ১৮ বছৰীয়া ভূৱন দাসৰ ঘৰ লখিমপুৰৰ ভীমপৰা বালিজান পুৰণি গাৱঁত। বিচাৰ-খোচাৰ কৰি শুংসূত্ৰ উলিয়াব নোৱাৰি বগীনদী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে ৬০০৩৯১৯১৮৪ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে ।

লখিমপুৰত ৪ দিনে সন্ধানহীন ভূৱন দাস
লখিমপুৰত ৪ দিনে সন্ধানহীন ভূৱন দাস

লখিমপুৰ, ২ অক্টোবৰ : লখিমপুৰত বিগত ৪দিন ধৰি নিৰুদ্দিষ্ট হৈ আছে ভূৱন দাস নামৰ এজন যুৱক। বহু বিচাৰ-খোচাৰ কৰিও ভূৱনৰ সম্ভেদ উলিয়াব নোৱাৰি আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক । ৪দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল ভীমপৰা বালিজান পুৰণি গাঁও নিবাসী ভূৱন দাস । সন্ধানহীন যুৱকজন সদাগৰ দাসৰ পুত্ৰ । যোৱা ২ বছৰ ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ভূৱন ওৰফে দুদু । আত্মীয়-স্বজনক খবৰ কৰিও পুত্ৰ সন্ধান উলিওৱাত বিফল হৈ হতাশ হৈ পৰিছে পিতৃ সদাগৰ দাস ।

লখিমপুৰত ৪ দিনে সন্ধানহীন ভূৱন দাস
লখিমপুৰত ৪ দিনে সন্ধানহীন ভূৱন দাস

পূৰ্বেও ঘৰৰ মানুহৰ অজ্ঞাতে ১৮ বছৰীয়া ভূৱন দাসে কেইবাবাৰো ঘৰৰ পৰা ওলাই গৈছে যদিও দুদিনমানৰ পিছত পুনৰ ঘৰলৈ উভতি আহে । কিন্তু যোৱা ২৭ ছেপ্টেম্বৰত নিজ ঘৰৰ পৰা ওলাই যোৱা যুৱকজন আজি পৰ্যন্ত ঘূৰি নহাত চিন্তিত হৈ পৰিছে যুৱকজনৰ পিতৃ-মাতৃ। সম্প্ৰতি বগীনদী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.