ETV Bharat / state

দুটা বাক্যৰে এটা গল্প লিখি অভিলেখ গঢ়িলে লখিমপুৰৰ ডিম্পলে - বৃদ্ধাশ্ৰম

দুটা বাক্যৰে ‘উপহাৰ’ নামৰ এটা গল্প লিখি আছাম বুক অৱ ৰেকৰ্ডছ (Assam Book Of Records)ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ডিম্পল হাজৰিকাই ৷ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ডিম্পলে গঢ়া এই অভিলেখত গৌৰৱান্বিত সমগ্ৰ ঢেকিয়াজুলিবাসী ৷

lakhimpur-girl-set-record
লখিমপুৰৰ ডিম্পলৰ অভিলেখ
author img

By

Published : Jun 14, 2021, 3:50 PM IST

Updated : Jun 14, 2021, 4:06 PM IST

বিহপুৰীয়া,14 জুন : 25 টা শব্দৰে সৃষ্ট দুটা বাক্য । দুটা বাক্যতেই এটা গল্পৰ আৰম্ভণি আৰু শেষ ৷ এই 25 টা শব্দৰ গল্পটোৱেই ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ লাভ কৰিছে চুটি গল্পৰ স্বীকৃতি । গল্পটোৰ নাম হৈছে ‘উপহাৰ’ । আছাম বুক অৱ ৰেকৰ্ডছ (Assam Book Of Records)ৰ স্বীকৃতি লাভ কৰা এই গল্পটো লিখিছে লখিমপুৰ জিলাৰ ঢেকিয়াজুলিৰ বৈষ্ণৱপুৰ গাঁৱৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ডিম্পল হাজৰিকা নামৰ ছাত্ৰীগৰাকীয়ে ।

লখিমপুৰৰ ডিম্পলৰ অভিলেখ

সততে ই-পত্ৰিকাৰ পৰা মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকালৈকে সকলোতে গল্প-প্ৰবন্ধ আৰু কবিতা লিখি অহা দৰিদ্ৰ পৰিয়ালৰ ডিম্পলে গঢ়িছে এই অভিলেখ ৷ মেধাৱী ডিম্পলৰ দুটা বাক্যৰ গল্পটো আছিল এনেধৰণৰ- অন্ধকাৰ জীৱনৰ পৰিসমাপ্তি ঘটাই জ্ঞান সাগৰত জাহাজ চলাই প্ৰাচুৰ্যৰ সৌধ সাজি সি হৈ পৰিল এজন সফল ব্যক্তি । সফলতাৰ অন্তত মাক-দেউতাকক শ্ৰমৰ উপহাৰ দিলে ‘‘বৃদ্ধাশ্ৰম’’ ।

উল্লেখ্য যে, ডিম্পলৰ পিতৃ ধৰ্মেশ্বৰ হাজৰিকা এজন ঝাৰু ব্যৱসায়ী । ছাত্ৰীগৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ ঢেকিয়াজুলিবাসী ৰাইজ ।

লগতে পঢ়ক : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন ১২০ খন বিচনা

Last Updated : Jun 14, 2021, 4:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.