ETV Bharat / state

লখিমপুৰত বন্ধৰ মাজতে উৎপল দত্তৰ ঘৰ ঘেৰাও

উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন নেছ'য়ে আহ্বান জনাৱা 12 ঘন্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে ৰাজ্যৰ ভিন্ন স্থানত ৷ লখিমপুৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ মাজতে মঙলবাৰে পুৱা লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ ঘৰ ঘেৰাও কৰে একাংশ আছু কৰ্মীয়ে ৷

Lakhimpur CAB protest
লখিমপুৰত বন্ধৰ মাজতে উৎপল দত্তৰ ঘৰ ঘেৰাও
author img

By

Published : Dec 10, 2019, 10:51 AM IST

লখিমপুৰ, 10 ডিচেম্বৰঃ শত শত অসমীয়া জনতাৰ আবেগ-অনুভূতি আৰু প্ৰতিবাদক ভৰিৰে মোহাৰি সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই বিধেয়ক গৃহীত হোৱাৰ পাচতেই ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে বিধেয়ক বিৰোধী আন্দোলন ৷ উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন নেছ'য়ে আহ্বান জনাৱা 12 ঘন্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে ৰাজ্যৰ ভিন্ন স্থানত ৷ লখিমপুৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে দল-সংগঠন ৷ ৰাজ্যসভাত কেব গৃহীত হ'লে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ সংগঠন সমূহৰ ৷ পুৱাৰে লখিমপুৰত দোকান-পোহাৰ বন্ধ থকাৰ লগতে বন্ধ হৈ আছে যান-বাহনৰ চলাচল ৷

লখিমপুৰত আছুৰ প্ৰতিবাদ

বন্ধৰ মাজতে মঙলবাৰে পুৱা লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ ঘৰ ঘেৰাও কৰে একাংশ আছু কৰ্মীয়ে ৷ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সমুখৰ পৰা বিধায়ক উৎপল দত্তৰ ঘৰলৈ পদ যাত্ৰা কৰি ঘৰ ঘেৰাও কৰে আছু কৰ্মীসকলে ৷ উৎপল দত্তৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দি বিধায়কগৰাকীক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ লগতে আছু সদস্যই ঘেৰাও কৰে লখিমপুৰৰ বিজেপি সভাপতি ফণী বৰুৱাৰ বাসগৃহ ৷

লখিমপুৰত উৎপল দত্তৰ ঘৰ ঘেৰাও

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি নিদিবলৈ বাৰম্বাৰ চৰকাৰক আহ্বান জনাই প্ৰতিবাদ অব্যাহত ৰাখিছে অসমৰ দল-সংগঠন আৰু সাধাৰণ জনতাই ৷ কিন্তু তাৰ পাচতো সকলো আওকাণ কৰি চৰকাৰে কেব গৃহীত কৰাত ৰাজ্যৰ পৰিস্থিতি অধিতক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌঃ বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ

Intro:আছুআৰু নেছ ই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ লখিমপুৰ জিলাত।

Body:ৰাজপথলৈ ওলাই আহিছে দল সংগঠণৰ।লগতে সকলো স্তৰত ৰাইজ। লখিমপুৰ ৰাজপথত টায়াৰ জ্বলাই কেবৰ বিৰুধীতা দল সংগঠণৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হলে পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ হুংকাৰ দল সংগঠণৰ।

Conclusion:পুৱাৰে পৰা লখিমপুৰ ত বন্ধ আছে যান বাহনৰ চলাচল। বন্ধ আছে ব্যৱসায়ী ক প্ৰতিস্থান সকলো।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.