ETV Bharat / state

নাৰায়ণপুৰত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Jun 4, 2021, 6:37 PM IST

নাৰায়ণপুৰত সাংবাদিকক অপদস্থ কৰা ঘটনাৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল সাংবাদিক । নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সাংবাদিকসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নাৰায়ণপুৰ, ধলপুৰ আৰু বান্দৰদেৱা প্ৰেছ ক্লাবৰ সদস্যসকলে ।

Reporters protest in Narayanpur
নাৰায়ণপুৰত সাংবাদিকক অপদস্থ কৰা ঘটনাৰ বিৰোধিতাৰে প্ৰতিবাদ

বিহপুৰীয়া, ৪ জুন: সাংবাদিকক অপদস্থ কৰা নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । সেয়ে বৃহস্পতিবাৰে ক্ষুদ্ধ সাংবাদিকে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে নাৰায়ণপুৰত ।

নাৰায়ণপুৰত সাংবাদিকৰ প্ৰতিবাদ

অভিযোগ অনুসৰি মঙলবাৰে নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰে দুগৰাকী সাংবাদিকক অপদস্থ কৰিছিল । স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ এক বাতৰি সংগ্ৰহ কৰি উভতাৰ পথতে আৰক্ষী বিষয়াজনে সাংবাদিক দুগৰাকীক আৱদ্ধ কৰি অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সাংবাদিকক অপদস্থ কৰাৰ বাবে নাৰায়ণপুৰৰ সাংবাদিকসকলে মঙলবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷

পাচত প্ৰতিবাদস্থলীত স্থানীয় বিধায়ক আৰু ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল ৷ কিন্তু, ঘটনাৰ ৪৮ ঘন্টা পাৰ হৈ যোৱাৰ পাচতো আৰক্ষী বিষয়াজনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে পুনৰ ক'লা বেজ পৰিধান কৰি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্থানীয় বিধায়ক আৰু ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্র প্ৰদান কৰে ৷

আনহাতে, আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট কাললৈ চৰকাৰী কাৰ্যসূচীৰ বাতৰি গ্ৰহণ নকৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে সাংবাদিক সকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নাৰায়ণপুৰ, ধলপুৰ আৰু বান্দৰদেৱা প্ৰেছ ক্লাবৰ সদস্যসকলে ।

লগতে পঢ়ক:সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কাকপথাৰৰ কাছিজানত মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.