ETV Bharat / state

Intellectual training camp in Lakhimpur: SP আনন্দ মিশ্ৰই গতিয়াই আটক কৰিলে HYCPৰ সভাপতিক

author img

By

Published : Jul 19, 2023, 5:28 PM IST

লখিমপুৰ নগৰৰ গোপীনগৰ ক'লনীত চলি থকা হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত বুধবাৰে এক সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষীয়ে সংঘাত সৃষ্টি কৰা এজন যুৱকৰ লগতে হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যসহ চাৰিজনক আটক কৰে ।

Intellectual training camp in Lakhimpur
হিন্দু যুৱ ছাত্র পৰিষদৰ প্ৰশিক্ষণ শিবিৰ
হিন্দু যুৱ ছাত্র পৰিষদৰ প্ৰশিক্ষণ শিবিৰ

লখিমপুৰ, ১৯ জুলাই: লখিমপুৰ নগৰৰ গোপীনগৰ ক'লনীত হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ চলি থাকোতেই সংঘটিত হয় অঘটন । লখিমপুৰ নগৰৰ দহ নম্বৰ ৱাৰ্ডৰ এটা বিবাহ ভৱনত বুধবাৰে পুৱা হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত সৃষ্টি হয় এক সংঘাতময় পৰিস্থিতিৰ । হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু বিশ্ব হিন্দু মহাসংঘৰ সহযোগত অনুষ্ঠিত কেন্দ্রীয় বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত এজন যুৱকে বিনা অনুমতিত প্ৰৱেশ কৰাৰ পিচতেই এই অঘটন সংঘটিত হয় । ইয়াৰ পিচতেই জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ঘটনাস্থলীত উপস্থিত হোৱাত পৰিষদৰ কেন্দ্রীয় নেতৃত্বই তেওঁৰ সৈতে সংঘাতত লিপ্ত হোৱাত আৰক্ষীয়ে আটক কৰে হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য, জিলা সভাপতি যুগ্মজ্যোতি দত্তৰ লগতে হিন্দু মহা সংঘৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱ গোস্বামীক ।

উল্লেখ্য যোৱা ১৭ জুলাইৰ পৰা আৰম্ভ হোৱা এই বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ অহা ২২ জুলাইত সমাপ্ত হোৱাৰ কথা আছিল যদিও প্ৰশিক্ষণৰ তৃতীয়টো দিনত শিবিৰটোত এই সংঘাতময় পৰিস্থিতি সৃষ্টি হয় । বুধবাৰে পুৱা প্ৰশিক্ষণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিচতে শিবিৰত এজন যুৱকে প্ৰবেশ কৰি উদ্যোক্তাসকলৰ সৈতে তৰ্কত লিপ্ত হয় । শিবিৰ আৰম্ভ হ'লে মূল গেট বন্ধ কৰি ৰখা হয় যদিও যুৱকজনে কৌশলেৰে শিবিৰৰ ভিতৰত প্ৰবেশ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে । পৰৱৰ্তী সময়ত যুৱকজনক আৰু দুজনমানে সহযোগ কৰে ।

এই পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত উদ্যোক্তাসকলে আৰক্ষীক খবৰ দিয়ে । পিছে উদ্যোক্তাসকলে অভিযোগ কৰা মতে, প্ৰায় এঘন্টাৰ পাছতহে আৰক্ষী শিবিৰটোত উপস্থিত হয় । জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ঘটনাস্থলীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা যুৱকজনক থানালৈ নিয়াৰ লগতে হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য, জিলা সভাপতি যুগ্ম জ্যোতি দত্তৰ লগতে হিন্দু মহাসংঘৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱ গোস্বামীকো থানালৈ নিব বিচাৰে । এই লৈ পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যৰ আৰক্ষী অধীক্ষকৰে বাকযুদ্ধ আৰম্ভ হয় । অৱশেষত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বলপূৰ্বক বলেন বৈশ্যসহ যুগ্মজ্যোতি দত্ত আৰু জনাৰ্দন দেৱ গোস্বামীক থানালৈ নিয়ে । ফলত শিবিৰটোৰ প্ৰশিক্ষণ কাৰ্যসূচীত ব্যাঘাত জন্মে । এই সন্দৰ্ভত আৰক্ষীয়ে কেনে ভূমিকা গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:Majuli nimati ferry service : দৰমহা মোকলাই নিদিয়াৰ বাবেই অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী জাহাজ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.