লখিমপুৰ, ৯ এপ্রিল: মূমুৰ্ষু ৰোগীৰ প্ৰাণৰক্ষাৰ ক্ষেত্ৰত জৰুৰীকালীন সেৱা এম্বুলেন্সৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে । যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লেও এম্বুলেন্সক সকলোৱে বাট এৰি দিয়ে যাতে ৰোগী অথবা দুৰ্ঘটনাগ্ৰস্ত লোকক সোনকালে চিকিৎলয়লৈ নিব পাৰি । এইবাৰ লখিমপুৰত এখন এম্বুলেন্সক লৈ আৰম্ভ হৈছে চৰ্চা । পিছে মানৱীয় কাৰ্যত আগবঢ়োৱা সেৱাৰ বাবে বাবে এই চৰ্চা হোৱা নাই । এক লজ্জাজনক কাৰ্যৰ বাবেহে চৰ্চিত হৈছে এম্বুলেন্সখন (Illegal activities in Ambulance )। এই এম্বুলেন্সখনত উদ্ধাৰ হৈছে কিছু আপত্তিজনক সামগ্ৰী ।
লখিমপুৰত চৰ্চাৰ মাজলৈ অহা এম্বুলেন্সত ওলাইছে মদ, ভাং, টাচ পাত, গৰ্ভনিৰোধক আৰু চোকা অস্ত্ৰ । লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ মূল প্ৰৱেশ দ্বাৰতে জব্দ কৰা হৈছে এম্বুলেন্সখন (Lakhimpur Medical College Hospital) । যোৱা ছমাহ মানৰ পৰা মেডিকেল কলেজখনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখতে পৰি আছিল AS 07C 6501 নম্বৰৰ এই এম্বুলেন্সখন । স্থানীয় ৰাইজৰ সন্দেহ ওপজাত এম্বুলেন্সখন নিৰীক্ষণ কৰি আপত্তিজনক সামগ্রী থকা বুলি নিশ্চিত হয় । পাচত স্থানীয় ৰাইজে এম্বুলেন্সখনৰ বিষয়ে লীলাবাৰী আৰক্ষীক অৱগত কৰে (Lilabari Police Station)।
ইয়াৰ পিচতেই আৰক্ষীয়ে এম্বুলেন্সখনৰ ভিতৰৰ পৰা জব্দ কৰে বহুতো আপত্তিজনক সামগ্ৰী । এম্বুলেন্সখন ন-আলি কদমৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে । পোৱাল কোঁচ নামৰ লোকজনে লখিমপুৰ মাৰোৱাৰী যুৱ মঞ্চৰ পৰা ক্ৰয় কৰিছিল এম্বুলেন্সখন (Lakhimpur Marwari Yuva Manch)। দীর্ঘ দিনৰ পৰাই লখিমপুৰ মেডিকেল কলেজৰ প্ৰৱেশ পথৰ দাঁতিত থকা এম্বুলেন্স খনতে অসামাজিক কার্য সংঘটিত হৈ অহা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । সম্প্ৰতি এই লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । এই কাৰ্যৰে জড়িত দোষীক কৰায়ত্ত কৰি আৰক্ষীক শাস্তি দিয়াৰ দাবী দাবী জনাইছে স্থানীয় ৰাইজে ।