ETV Bharat / state

Food poisoning: নয়নতৰা ৰেষ্টোৰাঁত খাদ্যত বিষক্ৰিয়া ! 4 গৰাকী মহিলা আক্ৰান্ত - Food poisoning

ৰেষ্টোৰাঁত খাদ্য গ্ৰহণ কৰোঁতে সাৱধান হওক ৷ ছেণ্ডউইছে প্ৰাণ ললে এগৰাকী মহিলাৰ, তিনিগৰাকী চিকিৎসাধীন ৷ বিহপুৰীয়াস্থিত নয়নতৰা ৰেষ্টুৰোঁত খাদ্য গ্ৰহণ কৰি বিষক্ৰিয়া হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

Food poisoning: 3 effected , one death
নয়নতৰা ৰেষ্টোৰাঁত খাদ্যত বিষক্ৰিয়া
author img

By

Published : Jul 18, 2023, 6:41 PM IST

নয়নতৰা ৰেষ্টোৰাঁত খাদ্যত বিষক্ৰিয়া

বিহপুৰীয়া, 18 জুলাই : বিহপুৰীয়াস্থিত নয়নতৰা ৰেষ্টুৰোঁত খাদ্যত বিষক্ৰিয়া হৈ চাৰিগৰাকী মহিলা আক্ৰান্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আক্ৰান্ত মহিলাকেইগৰাকী একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷ চাৰিগৰাকী মহিলাৰ ভিতৰত দুগৰাকী গোলাঘাটৰ ৷ ইয়াৰে এগৰাকীৰ সোমবাৰে নিশা মৃত্যু হোৱাৰ পিচতে পোহৰলৈ আহিছে প্ৰকৃত ঘটনা ৷

সম্প্ৰতি এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি 15 জুলাইৰ দিনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰ দৰ্শনৰ বাবে গোলাঘাটৰ দুই মহিলা ক্ৰমে লাবণ্য তামুলী, বিনু বৰাসহ তেওঁ কন্যা অলংকৃতা বৰা(১৪) আৰু একে পৰিয়ালৰে দুই লখিমপুৰৰ নিৱাসীক্ৰমে ধিচা নেওগী(৩২) আৰু শুভ্ৰজিত নেওগী (৩০) গৈছিল ৷ নাবালিকাগৰাকীৰ বাদে বাকী চাৰিওগৰাকীয়ে বিহপুৰীয়াৰ নয়নতৰা নামৰ ৰেষ্টোৰাঁখনত খাইছিল Garlic Bread Sandwich , ছেণ্ডউইছটো খোৱাৰ কিছু সময়ৰ পাচতেই নিজ নিজ গৃহলৈ উভতে সকলো ৷

তেওঁলোকে ঘৰলৈ গৈয়েই চাৰিগৰাকীয়ে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ দুগৰাকীক লগে লগে ভৰ্তি কৰা হয় লক্ষিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৷ লগতে গোলাঘাটৰ দুই মহিলাক নিশাই ভৰ্তি কৰা হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৷ ইফালে আক্ৰান্ত লাবণ্য তামুলী নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ সোমবাৰে নিশা তাতেই মৃত্যুক সাৱটে লাবণ্য তামুলীয়ে ৷

আনহাতে, বিনু বৰা নামৰ মহিলাগৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৷ মঙলবাৰে ৰেষ্টোৰাঁখনত জিলা অতিৰিক্ত উপায়ুক্ত, খাদ্য সুৰক্ষা জিলা বিষয়া, বিহপুৰীয়া মহকুমা স্বাস্থ্য বিষয়া উপস্থিত হৈ খাদ্য সামগ্ৰী নিৰীক্ষণ কৰাৰ লগতে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি সমগ্ৰ ঘটনাৰ বুজ লয় ৷ লগতে ৰেষ্টোঁৰাখনৰ পৰা বিভিন্ন খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে লেবৰেটৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷

ইফালে ৰেষ্টোৰাঁখনৰ স্বত্বাধিকাৰী বিশ্ব কটকীয়ে বিষক্ৰিয়া হোৱা ঘটনাটো মানি ল'ব পৰা নাই বুলি অৱগত কৰে ৷ একেদিনাই উল্লেখিত খাদ্য আন গ্ৰাহকেও খোৱাৰ কথা উল্লেখ কৰে কটকীয়া ৷ এই ক্ষেত্ৰত তদন্ত হ'লে সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে স্বত্বাধিকাৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Child trafficking in Assam: গড়চুকৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ ৰঙিয়াৰ কিশোৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.