ETV Bharat / state

লখিমপুৰৰ কদমত বানৰ সংহাৰী ৰূপ - বাগানগাঁও কদমটেঙাবস্তী গজিশলা নভঙনীয়াত বান

লখিমপুৰ নগৰৰ গাতে লাগি থকা এটা বিস্তীৰ্ণ অঞ্চলত দীৰ্ঘদিন ধৰি বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বানত ককবকাইছে শ শ পৰিয়ালে ৷ কিন্তু কাণসাৰ নাই চৰকাৰ, প্ৰশাসন তথা জন প্ৰতিনিধিৰ ৷

flood-in-kadam-revenue-circle-of-lakhimpur
লখিমপুৰৰ কদমত বানৰ সংহাৰী ৰূপ
author img

By

Published : Aug 1, 2021, 5:15 PM IST

লখিমপুৰ, 1 আগষ্ট : ভৰ বাৰিষাৰ সময়চোৱাত প্ৰতিবছৰৰ দৰে এইবছৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ইতিমধ্যেই বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ ইয়াৰ মাজতে শেহতীয়াকৈ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চলত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ এফালে ক'ভিডৰ সংহাৰী ৰূপ আৰু আনফালে বানৰ কবলত পৰি এতিয়া জুৰুলা হৈছে অঞ্চলটোৰ শ শ পৰিয়াল ৷

উল্লেখ্য যে, দুই-তিনিদিনৰ বিৰতিত এই বৃহৎ অঞ্চলটো বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈ আহিছে ৷ মূলতঃ কাকৈ আৰু গোমনদি বাঢ়নী পানীৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে কদম বাগানগাঁও, কদমটেঙাবস্তি, গজিশলা, নভঙনীয়াকে আদি কৰি কেইবাটাও অঞ্চল ৷ বানৰ কবলত পৰি দীৰ্ঘদিনৰ পৰা জীয়াতু ভূগিবলগীয়া হৈছে অঞ্চলকেইটাৰ সাধাৰণ ৰাইজে ৷ ইমানৰ পিছতো কিন্তু কোনো এজন জন প্ৰতিনিধি উক্ত অঞ্চলত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে ৷

লখিমপুৰৰ কদমত বানৰ সংহাৰী ৰূপ

ৰাইজৰ অভিযোগ মতে, জনপ্ৰতিনিধিটো বাদেই উক্ত অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আজিলৈকে উপস্থিত হোৱা নাই চৰকাৰ তথা প্ৰশাসনৰ বিষয়ববীয়া ৷ ভুক্তভোগীয়ে আজিলৈকে লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহায্য ৷ যাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে ৷

উল্লেখ্য যে, কৃষিপ্ৰধান অঞ্চলটোৰ শ শ কৃষক পৰিয়ালে মূৰৰ ঘাম মাটিত পেলাই বহু কষ্টৰে কৰা শালিধানৰ খেতি সংহাৰী বানে বুৰাই পেলোৱাত দৰিদ্ৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । দুখীয়া-দৰিদ্ৰক নিৰাপত্তা দিয়াৰ বিপৰীতে একমাত্ৰ ঠিকাদাৰৰ পকেট গধুৰ কৰাৰ স্বাৰ্থত কিছুমান আঁচনি ৰূপায়ণ কৰা বাবেই কৃষক পৰিয়াল সমূহৰ এনে দুৰ্দশা হ'ল বুলি অভিযোগ কৰে ৰাইজে । এইক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগে ৷

লগতে পঢ়কঃ ছয়গাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.