ETV Bharat / state

অসম-অৰুণাচল সীমান্তত বন্য়হস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱালে এজন লোকে

author img

By

Published : Nov 20, 2020, 2:23 PM IST

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰাজগড়ৰ ফৰেষ্ট ৰিজাভত বৃহস্পতিবাৰৰ নিশা খাদ্য সন্ধানত উলাই অহা এজাক হাতীৰ সৈতে হোৱা সংঘাটত অঞ্চলটোৰ আবাসী নন্দু উৰাং নামৰ এজন ব্যক্তিয়ে মৃত্য়ুক সাৱতি লয় ৷ আক্ৰমণত হাতীৰ গচক পৰা ফলত থিতাতে মৃত্য়ুক সাৱতি লয় নন্দু উৰাঙে ৷ স্থানীয় লোকে সদৰি কৰা অনুসৰি কেইমাহ মান পূৰ্বেও বন‍্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলাই ৷

elephant-attack-in-lakhimpur
অসম-অৰুণাচল সীমান্তত বন্য়হস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱালে এজন লোকে

লখিমপুৰ, 20 নৱেম্বৰঃ ৰাজ্যত বৰ্তমানেও অব্য়াহত আছে হস্তী মানুহৰ সংঘাট ৷ কিয়নো তেনে এক ঘটনা সংঘটিত হ'ল লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তত ৷ বন্য়হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে ৷

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰাজগড়ৰ ফৰেষ্ট ৰিজাভত বৃহস্পতিবাৰৰ নিশা খাদ্য সন্ধানত উলাই অহা এজাক হাতীৰ সৈতে হোৱা সংঘাটত অঞ্চলটোৰ আবাসী নন্দু উৰাং নামৰ এজন ব্যক্তিয়ে মৃত্য়ুক সাৱতি লয় ৷ আক্ৰমণত হাতীৰ গচক পৰা ফলত থিতাতে মৃত্য়ুক সাৱতি লয় নন্দু উৰাঙে ৷

স্থানীয় লোকে সদৰি কৰা অনুসৰি কেইমাহ মান পূৰ্বেও বন‍্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলাই ৷ লগতে অঞ্চলটোত বাৰে বাৰে সংঘটিত হোৱা এনেধৰণৰ বন‍্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

ইফালে সীমান্তৱৰ্তী কাকৈ ৰাজগড় অঞ্চলত বন‍্যহস্তীয়ে নিতৌ কেইবা হেক্টৰ পকা ধাননি খাই তহিলং কৰাৰ তথ্য প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ গতিকে বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰি অতি শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে উক্ত অঞ্চলটোৰ দল সংগঠৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.