বিহপুৰীয়া, ৮ ছেপ্টেম্বৰ: এক কোটি গছপুলি ৰোপনেৰে অভিলেখ গঢ়িবলৈ ৰাজ্য চৰকাৰ সাজু হোৱাৰ সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত একাংশ জনপ্ৰতিনিধি তথা বিজেপি নেতা বন ধ্বংস যজ্ঞত নমাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষী প্ৰশাসন আৰু বনবিভাগক অৱগত কৰাৰ পিছতো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা গাঁওৰক্ষী বাহিনীয়ে ।
ঘটনাৰ কেন্দ্ৰবিন্দু নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ মাঘনোৱা প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰ ও ভাগৱত আশ্ৰম । ১৯৭৫ চনতে আচাৰ্য বিনোৱা ভাৱেই প্ৰতিষ্ঠা কৰা ভাগৱত আশ্ৰমখনত পৰবৰ্তী সময়ত সামাজিক বনানীকৰণৰ অধীনত ৰোপণ কৰা হৈছিল তিনি শতাধিক বিভিন্ন মূল্যবান গছ । কিন্তু দুৰ্ভাগ্যজনক কথা যে বিগত ৪০ বছৰ ধৰি সুৰক্ষিত হৈ থকা মূল্যবান গছসমূহ এফালৰ পৰা কাটি তহিলং কৰিছে এচাম দুষ্টচক্ৰই ।
দুষ্টচক্ৰটোৰ সৈতে নাম সাঙোৰ খাইছে ৰঙতি গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ লগতে এগৰাকী ৱাৰ্ড সদস্য আৰু আন এগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ নাম । দিনৰ পোহৰতে ইজোপাৰ পিছত সিজোপা প্ৰকাণ্ড প্ৰকাণ্ড মূল্যবান গছ কাটি লৈ গৈছে দুষ্টচক্ৰটোৱে । অৱশেষত বন ধ্বংসকাৰী দলটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে মাঘনোৱা গাঁওৰক্ষী বাহিনী ।
ইতিমধ্যে গাঁওৰক্ষী বাহিনীয়ে বন ধ্বংসকাৰী দলটোৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে বন বিভাগকো অবগত কৰিছে । শিমলুগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে বন বিভাগৰ লোকে ৱাৰ্ড সদস্য মহেন্দ্ৰ ডেকাৰ ঘৰৰ পৰা জব্দও কৰিছে যথেষ্ট পৰিমাণৰ মূল্যবান কাঠ ।
কিন্তু পৰিতাপৰ কথা যে স্থানীয় ৰাইজ তথা গাঁওৰক্ষী বাহিনীৰ লিখিত অভিযোগৰ পিছতো বন ধ্বংসকাৰী চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন আৰু বন বিভাগ । প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃততে কাৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰে আৰক্ষী আৰু বন বিভাগে । ৰাইজৰ দাবী শীঘ্ৰে বন ধ্বংসকাৰী চক্ৰটোক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক ।
লগতে পঢ়ক: Foresters shoot poachers: পেঙেৰীত বনদস্যুক লক্ষ্য কৰি বনবিভাগৰ গুলাচীলনা