লখিমপুৰ, 6 এপ্ৰিল: ৰাজ্যৰ চৌদিশে এতিয়া উন্নয়নৰ জোৱাৰ ৷ নিৰ্বাচিত জন প্ৰতিনিধিৰ মুখত লানি নিছিগা উন্নয়নৰ শ্ল'গান ৷ কিন্ত এই উন্নয়ন কেৱল কাগজে-কলমে অথবা জনপ্ৰতিনিধিৰ ভাষণতহে সীমাবদ্ধ ৷ বাস্তৱত উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিয়ে ৰাজ্যৰ গাঁও-ভূঁই, ভিতৰুৱা অঞ্চলৰ বিধ্বস্ত বাট-পথৰ অৱস্থাই (Dilapidated road in Assam) ৷
এইবাৰ পোহৰলৈ আহিছে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ সমষ্টিত উন্নয়নৰ এখন ফোঁপোলা স্বৰূপ ৷ সততে উন্নয়নৰ ফুলজাৰি মাৰি অহা বিধায়কগৰাকীৰ সমষ্টিৰ বহু অঞ্চলৰ বাট-পথ এতিয়াও বিধ্বস্ত অৱস্থাত ৷ যাৰ বাবে এতিয়া একাংশ মহিলাই পথ মেৰামতিত নামিব লগীয়া হৈছে (Dilapidated road in Lakhimpur) ৷
এইবাৰ বিধায়ক মানৱ ডেকাৰ সমষ্টিত গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে বিধ্বস্ত পথ মেৰামতি কৰিলে এদল মহিলাই (Woman Repairs Damaged Road in Lakhimpur) ৷ বিধায়ক মানৱ ডেকাই যিমানে উন্নয়নৰ ঢাকঢোল বজাই সমষ্টি উন্নয়নৰ কথা নকওক কিয়, প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়কগৰাকী যে বিফল হৈছে সেই কথা প্ৰমাণ কৰি এতিয়া মহিলাই বিধ্বস্ত পথ মেৰামতি কৰিবলগীয়া হৈছে (Manab Deka MLA Lakhimpur Constituency) ৷
লখিমপুৰ জিলাৰ তেলাহী উন্নয়ন খণ্ডৰ অন্তগৰ্ত পশ্চিম তেলাহী পঞ্চায়তৰ দহ নং ৱাৰ্ডৰ একাংশ মহিলাই মেৰামতি কৰিলে বিধ্বস্ত পথ ৷ উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে মানৱ ডেকাই অঞ্চলবাসীক ৰাস্তা-ঘাটৰ লগতে শৈক্ষিক দিশতো আমোল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত বাস্তৱত পশ্চিম তেলাহী পঞ্চায়তবাসী সকলো দিশতে অৱহেলিত হৈ থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে (Damaged Road at Telahi GP in Lakhimpur) ৷
অঞ্চলটোত গোঁসাইখাট, বালিজান, বৰবিল সংযোগী পথটোৰ বিধস্ত অৱস্থাৰ বাবে পথচাৰীয়ে যমৰ যাতনা ভোগ কৰি আহিছে ৷ বাৰিষা নহওঁতেই পথটো যাতায়তৰ বাবে একেবাৰেই অনুপযোগী হৈ পৰাত চৰকাৰ আৰু জনপ্ৰতিনিধিলৈ বাট নাচাই মঙলবাৰে বিয়লি গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভঙাৰ লগতে শ্ৰমদান কৰি পথটো মেৰামতি কৰে (Public Demand Road Development in Lakhimpur) ৷ উন্নয়নমুখী এখন চৰকাৰ, সুদক্ষ, কৰ্ম দক্ষ বুলি জাহিৰ কৰি ফুৰা বিধায়ক থকাৰ পাছতো অতি পিছপৰা অঞ্চলৰ সাধাৰণ জনতাই যাতায়তৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথ মেৰামতি কৰাটোৱে প্ৰকৃতাৰ্থত যে সমষ্টিটোত বাট-পথৰ উন্নয়ন হোৱা নাই তাকেই প্ৰতিপন্ন কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে ৷ ৰাইজৰ গাঁঠিৰ ধন আৰু শ্ৰমদানে পথ মেৰামতি কৰাটোৱে প্ৰকৃতাৰ্থত চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে (Lakhimpur Constituency) ৷