ETV Bharat / state

Corruption in Lakhimpur Anganwadi: লখিমপুৰত শিশু উন্নয়ন প্ৰকল্পত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jan 3, 2023, 1:41 PM IST

লখিমপুৰত বিজ্ঞাপন, সাক্ষাৎকাৰ, বাচনি অবিহনেই অংগনবাদী কৰ্মী-সহায়িকাক নিযুক্তি (Anganwadi Centre in Assam)। শিশু অবিহনেই চলি আছে বহু অংগনবাদী কেন্দ্ৰ । দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ভয়ংকৰ অভিযোগ । থানাত তৰিলে গোচৰ (Anganwadi Centre in Lakhimpur)।

Corruption in Lakhimpur Anganwadi
লখিমপুৰত শিশু উন্নয়ন প্ৰকল্পত দুৰ্নীতিৰ অভিযোগ

লখিমপুৰ,৩ জানুৱাৰী: যি সময়ত চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদানৰ কথা বাৰম্বাৰ দোহাৰি আছে সেই সময়ত লখিমপুৰত সাক্ষাৎকাৰ, বিজ্ঞাপন, বাছনি অবিহনেই বহু অংগনবাদী কৰ্মী আৰু সহায়িকাক নিযুক্তি দিয়াৰ ভয়ংকৰ অভিযোগ উঠিছে (Corruption in Anganwadi) । ইয়াৰোপৰি শিশু অবিহনেই বহু অংগনবাদী কেন্দ্ৰ চলি থকাৰো অভিযোগ উঠিছে (Anganwadi Centre in Lakhimpur)। এনে অভিযোগ তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে ।

এই সন্দৰ্ভত গোচৰো ৰুজু কৰে সংগঠনটোৱে । লখিমপুৰত সংহত শিশু উন্নয়ন প্ৰকল্পত ভয়ংকৰ দুৰ্নীতি চলাৰ অভিযোগ তুলিছে সংগঠনটোৱে (Integrated Child Development scheme) । শিশু নোহোৱাকৈ জিলা খনত চলি আছে বহু অংগনবাদী কেন্দ্র । এই অভিযোগ উত্থাপন কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷ সংগঠনটোৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে এই সন্দৰ্ভত সোমবাৰে নাওবৈচা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে (Naoboisa police station)। আৰক্ষীক দাখিল কৰা এজাহাৰখনত গগৈয়ে উল্লেখ কৰে যে সংহত শিশু উন্নয়ন প্রকল্প নাওবৈচাৰ অধীনত একাংশ অংগনবাদী কেন্দ্রত বিজ্ঞাপন, সাক্ষাৎকাৰ আৰু বাচনি অবিহনেই কৰ্মী আৰু সহায়িকাক নিযুক্তি দিয়া হৈছে ।

বৰচলা বজাৰ, পশ্চিম পানধোৱা, মুছলিমপুৰ, মধ্যে মহঘুলি, উত্তৰ মহঘুলি আদি কেন্দ্রত একাংশ কৰ্মী আৰু সহায়িকাক সাক্ষাৎকাৰ, বিজ্ঞাপন, বাচনি অবিহনেই নিযুক্তি দিয়া হৈছে । শিশু উন্নয়ন প্রকল্পৰ একাংশ বিষয়াই মিলি এনে দুষ্কাৰ্য কৰা বুলি উল্লেখ কৰাৰ লগতে আৰ টি আইৰ তথ্যত এই অনিয়ম ধৰা পৰা বুলি এজাহাৰখনত উল্লেখ কৰে । যি সময়ত চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা দোহাৰি আছে সেই সময়ত লখিমপুৰত এনেদৰে একাংশ অংগনবাদী কেন্দ্রত অবৈধ ভাৱে কৰ্মী আৰু সহায়িকা নিযুক্তি দিয়া বুলি উল্লেখ কৰে গগৈয়ে ৷ এজাহাৰ খনত দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱাৰ বাবে সংগঠনটোৱে আৰক্ষীক আহ্বান জনায় ।

সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি ধৰ্মকান্ত গগৈয়ে কয় যে সংগঠনটোৰ তৰফৰ পৰা জিলাখনৰ বহু অংগনবাদী কেন্দ্র নিৰীক্ষণ কৰা হৈছিল । এনে নিৰীক্ষণত আন বহু অনিয়ম ধৰা পৰা বুলি তেঁও জানিবলৈ দিয়ে । গগৈয়ে অভিযোগ তুলি কয় যে বহু অংগনবাদী কেন্দ্রত কৰ্মী, সহায়িকা অথবা চুপাৰভাইজৰ আছে কিন্তু শিশুহে নাই । শিশু নথকাকৈয়ে জিলাখনত কাগজে কলমে বহু অংগনবাদী কেন্দ্র চলি আছে বুলি গগৈয়ে ভয়ংকৰ অভিযোগ তোলে ।

শিশু উন্নয়নৰ নামত এনেদৰে কেৱল ৰাইজৰ ধনৰ শৰাধ হোৱা বুলি উল্লেখ কৰি জিলাখনত চলি থকা এনে অনিয়মত জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয়লৈকে একাংশ দুৰ্নীতিপৰায়ণ বিষয়া জড়িত থকাৰ গগৈয়ে অভিযোগ তোলে । সমাজ কল্যাণ বিভাগৰ জৰিয়তে সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত অংগনবাদী কেন্দ্রসমূহলৈ আৱন্টিত ধন, সা-সামগ্রীৰ সঠিক ব্যৱহাৰ, কেন্দ্রসমূহ সঠিকভাবে চলিছে নে নাই, কেন্দ্রত শিশু আছে নে নাই, নিযুক্তি প্ৰক্ৰিয়া নিকা হৈছে নে নাই এই সকলো দিশ সামৰি জিলা উপায়ুক্তৰ ওচৰত তদন্ত দাবী কৰাৰ লগতে মূখ্যমন্ত্রী আৰু বিভাগীয় মন্ত্রীকো তদন্ত কৰিবলৈ গগৈয়ে দাবী জনায় ।

লগতে পঢ়ক: Badarpur exclusion from Karimganj: বদৰপুৰক কৰিমগঞ্জৰ পৰা আঁতৰাই কাছাৰত অন্তৰ্ভুক্তিৰ বিৰোধিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.