ETV Bharat / state

লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ - Contractual employees of PHE stages protest

লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিভাগটোৰ অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিবাদ (Contractual employees of PHE stages protest) ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় ৯ হাজাৰ অস্থায়ী কৰ্মচাৰীক প্ৰদান কৰা প্ৰতিশ্ৰুতি অতি শীঘ্ৰে ৰূপায়ন কৰিবলৈ দাবী প্ৰতিবাদকাৰীসকলৰ ৷

Public health department contractual employee protest in Lakhimpur
লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Jun 6, 2022, 4:02 PM IST

লখিমপুৰ,6 জুন: লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে বিভাগটোৰ অস্থায়ী কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । পানী যোগানৰ গ্ৰাম্য আঁচনি সমূহত নিয়োজিত অস্থায়ী কৰ্মচাৰীসকলে চাকৰি স্থায়ী কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Contractual employees of PHE stages protest) ৷

২০১৪-২০১৫ বৰ্ষত চৰকাৰৰ পৰা দৰমহা পোৱাৰ পাছতো বৰ্তমানলৈকে এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষোভিত হৈ পৰে কৰ্মচাৰীসকল ৷ লগতে কাৰ্যবাহী অভিযন্তাগৰাকীয়ে তেওঁলোকৰ প্ৰতিনিধি এজনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন কৰে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ৷

লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

কৰ্মচাৰীসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায়, আমাৰ চাকৰি নিয়মীয়া কৰক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । লগতে চাকৰি নিয়মীয়া কাৰণ নহ’লে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

ইয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় ৯ হাজাৰ অস্থায়ী কৰ্মচাৰীক চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অতি শীঘ্ৰে ৰূপায়ন কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ তাৰোপৰি এই দাবীসমূহ মানি নোলোৱা পৰ্যন্ত পানী যোগানৰ গ্ৰাম্য আঁচনিসমূহ বন্ধ কৰি ৰখা হ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : আপত যোগ নিদিয়ে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.