বিহপুৰীয়া,১৭ জুন: শনিবাৰে বিহপুৰীয়া সমীপৰ নাহৰআটীত এক উলহ-মালহ পৰিৱেশত মায়ামৰা সমাজৰ শৰণ প্ৰক্ৰিয়া সম্পন্ন হয় ৷ বৃহত্তৰ নাহৰআটী গাঁৱৰ ৰাইজৰ পৰা জানিবপৰা মতে শৰণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰভাগৰে পৰা নাহৰআটী গাঁৱৰ নামঘৰ তথা চৌহদত ভক্তিপ্ৰাণ ৰাইজৰ মাজত এক উলহ মালহ পৰিৱেশে বিৰাজ কৰাৰ লগতে গাঁওখনৰ সমূহীয়া পুখুৰীৰ পাৰ মুখৰিত হৈ পৰে অগনন ৰাইজৰ হৰিনামৰ ধ্বনিৰে ৷
আয়োজক সকলে জনোৱা অনুসৰি বৃহত্তৰ নাহৰআটী গাঁওখনৰ ৫৫ যোৰা পুৰুষ মহিলাক সম্পুৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শৰণ প্ৰদানৰ বাবে কালিৰে পৰা স্থানীয় নামঘৰত ব্যাপক আয়োজন চলিছিল ৷ সেই মৰ্মে আজি পুৱা শৰণ ল'ব অহা সকলো পুৰুষৰে ধৰ্মীয় ৰীতি নীতিৰ আৱৰ্ত্তত মুণ্ডন প্ৰক্ৰিয়া সম্পন্ন হয় ৷
ইয়াৰ পিছতে গুৰুৰ আশীষ গ্ৰহণ কৰি তামোল পানেৰে কলাপাতত সজ্জিত টোপোলা মূৰত লৈ আয়তীৰ আই নাম আৰু গায়ন-বায়নৰ আৱৰ্তত শাৰী পাতি সমুহীয়া পুখুৰীলৈ গমন কৰে ৷ পুখুৰীত এবুকুলৈকে নামি , তিনিবাৰ পানীত বুৰ মাৰি গা ধোৱাৰ অন্তত গায়ন-বায়নৰ হৰি নামৰ মাজেৰে পুনৰ নামঘৰলৈ ঘুৰি আহে ৷
নামঘৰত সজ্জিত হৈ থকা স্থানত পতি-পত্নীক একেলগে বহুৱাই দিনজোৰা কাৰ্যসূচীৰে গুৰুৱে নানান ধৰণেৰে শৰণ গ্ৰহণ কৰাসকলক হিতোপদেশ প্ৰদান কৰি ধৰ্মীয় আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ আৱৰ্তত পৰৱৰ্তী সময়চোৱাত জীৱন নিৰ্বাহ কৰাৰ পৰামৰ্শ প্ৰদান কৰে ৷ এক আধ্যাত্মিক পৰিবেশৰ আৱৰ্ত্তত সম্পন্ন হোৱা শৰণ প্ৰক্ৰিয়াত ঢলপুৰ বিষ্ণু বালিকুঞ্চি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী সদানন্দ দেৱ গোস্বামীয়ে মুখ্য শৰণ দাতা হিচাবে অংশ গ্ৰহণ কৰি শৰণ কাৰ্য সম্পূৰ্ণ কৰে ৷
নাহৰআটী গাঁও যুৱক সংঘ আৰু গাঁও পৰিচালনা সমিতিৰ উদ্যোগত আৰু গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত শনিবাৰে বৃহত্তৰ গাঁওখনৰ ৫৫ যোৰা পতি-পত্নীয়ে শৰণ গ্ৰহণ কৰে ৷ এই কাৰ্যসূচীক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰে এক উখল-মাখল পৰিৱেশ ।
লগতে পঢ়ক: New Assamese Film: নতুন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত জুবিন গাৰ্গ