ETV Bharat / state

লখিমপুৰৰ বগীনদীত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 23, 2021, 10:50 PM IST

ঢকুৱাখনা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নৱ দলেৰ হৈ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷ লখিমপুৰৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, ৬০ বছৰে অসমৰ একো উন্নয়ন কৰিব নোৱাৰিলে ৷

লখিমপুৰৰ বগীনদীত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ
লখিমপুৰৰ বগীনদীত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

লখিমপুৰ,23 মাৰ্চ: মঙলবাৰে ঢকুৱাখনা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷ লখিমপুৰৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, ৬০ বছৰে অসমৰ একো উন্নয়ন কৰিব নোৱাৰিলে ৷ অসমত বিজেপি থকালৈকেহে জাতীয় জীৱন সুৰক্ষিত হৈ থাকিব ৷ কংগ্রেছে যিমানেই ষড়যন্ত্র নকৰক কিয় ৰাজ্যৰ একো ক্ষতি কৰিব নোৱাৰে, কিয়নো বিগত বছৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰকে সুৰক্ষিত কৰিব নোৱাৰিলে ।

ইফালে, পাঁচটা বছৰৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রী সোণোৱালে কয়, বিজেপি চৰকাৰে ১লাখ ৬৫ হাজাৰ লোকক ভূমি পট্টা প্ৰদানৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰে জন সাধাৰণৰ উন্নতি সাধিছে ৷ গতিকে অনাগত দিনত ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰতে জাকত জিলিকা কৰি তুলিবলৈ পুনৰ বিজেপিকে ভোট দিবলৈ ৰাইজক আহ্বান জনায় ৷ উক্ত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, সাংসদ প্ৰদান বৰুৱাৰ লগতে প্ৰাৰ্থী নৱ দলে উপস্থিত থাকে ৷

লগতে পঢ়ক: আল্লাৰ নামত ভোট বিচাৰি আঙুৰলতাক উদ্ধাৰৰ চেষ্টা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.