লখিমপুৰ, 8 নৱেম্বৰ: এজন যুৱকক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে লখিমপুৰৰ সাউকুছি মুছলিম গাঁৱত পুৱাই সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ গাঁৱখনৰ অবিদ আহমেদ নামৰ এজন যুৱকক সমীপৰ গাঁৱৰ ৰমেন গোস্বামী নামৰ গৃহৰক্ষী বাহিনীৰ জোৱান জনে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয় ৷ ঘটনা অনুসৰি গৃহৰক্ষী জোৱান জনক প্ৰথমে প্ৰহাৰৰ কৰাৰ অভিযোগ আছিল অবিদ আহমেদৰ বিৰুদ্ধে ৷ যাৰ ফলস্বৰূপে অবিদ আহমেদক আটক কৰিবলৈ মুছলিম গাঁৱত উপস্থিত হৈছিল নাৰায়নপুৰ আৰক্ষীৰ এটা দল আৰু ইয়াৰ পাছতে সৃষ্টি হ'ল উত্তেজিত পৰিস্থিতৰ ৷ গাঁৱবাসীয়ে অবিদ আহমেদক আটক কৰিবলৈ নিদি তেওঁক ৰমেন গোস্বামীয়েহে প্ৰহাৰ কৰাৰ অভিযোগ কৰি আবদ্ধ কৰে আৰক্ষীৰ দলটোক ৷ পাছত আৰক্ষীয়ে ৰমেন গোস্বামীৰ বিৰূদ্ধে কেচ ল'বলৈ মান্তি হোৱাতহে ৰাইজ যাবলৈ দিয়ে আৰক্ষীৰ দলটোক ৷
উল্লেখযোগ্য যে, অবিদ আহমেদে ছেপ্টেম্বৰত এগৰাকী লোকক মটৰ চাইকেলেৰে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল ৷ দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিগত ডেৰমাহে বিচাৰি আছিল অবিদ আহমেদক ৷ উক্ত কাৰণতে আজি পুৱা নাৰায়ণপুৰ থানাৰ গৃহৰক্ষী জোৱান ৰমেন গোস্বামীৰ ঘৰলৈ গৈ হাতত খুকুৰী লৈ আক্ৰমণ কৰিবলে উদ্যত হোৱা অবিদ আহমেদক ৰাইজে আবদ্ধ কৰিছিল যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে অবিদ আহমেদ পলাই যাবলৈ সক্ষম হয় ৷ ইয়াৰ পাছত পলাতক অবিদ আহমেদক আটক কৰিবলৈ আৰক্ষী অবিদৰ ঘৰত উপস্থিত হোৱাত ৰাইজে আৰক্ষীক আবদ্ধ কৰি ৰমেন গোস্বামীয়েহে অবিদক প্ৰহাৰ কৰে বুলি দাবী কৰি ৰমেনক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী জনায় ৷ অভিযোগ- প্ৰতিঅভিযোগৰ মাজত আৱদ্ধ নাৰায়ণপুৰ আৰক্ষীয়ে ৰমেন গোস্বামীৰ বিৰুদ্ধে এজাহাৰ লোৱাতহে গাওঁখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে অবিদ আহমেদৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷
আৰু পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি