বিহপুৰীয়া, 20 মে’: নিৰ্মীয়মান অৱস্থাতে নিশা খহি পৰিল মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰায় ৫০ মিটাৰ দৈঘ্যৰ সীমা দেৱাল ৷ কিছুদিনৰ পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলতে সীমা দেৱালখন খহি পৰাৰ সন্দেহ কৰা হৈছে ৷ ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, ২০০৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল উত্তৰ অসমবাসীৰ সপোনৰ কলাক্ষেত্ৰখনৰ ৷ শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰই দান হিচাপে দিয়া ৪৪ বিঘা মাটিত চলি আছে নিৰ্মাণকাৰ্য ৷ মঙলবাৰৰ দিনটোত বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই পৰিদৰ্শন কৰিছিল নিৰ্মীয়মান অৱস্থাত থকা কলাক্ষেত্ৰখন ৷ আনকি বিধায়কজনে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবেও ঠিকাদাৰ পক্ষক সকিয়নী প্ৰদান কৰিছিল ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫০ লাখ টকাৰ বৰঙণি