ETV Bharat / state

Bir lachit sena protest: শৃংখল চলিহাক মুক্তি নিদিলে ৰাজ্য কঁপোৱাৰ হুংকাৰ বীৰ লাচিত সেনাৰ - বীৰ লাচিত সেনা

বীৰ লাচিত সেনাৰ শৃংখল চলিহাক গ্ৰেপ্তাৰৰ সন্দৰ্ভত উত্তাল হৈ পৰিছে ৰাজ্যৰ পৰিৱেশ । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক ৷ শীঘ্ৰে মুকলি কৰাৰ দাবী জনাইছে লাচিত সেনাৰ কৰ্ম কৰ্তাই (Bir lachit sena protest in lakhimpur) ৷

Bir lachit sena protest
শৃংখল চলিহাৰ মুক্তিৰ দাবীত প্ৰতিবাদ
author img

By

Published : May 5, 2023, 3:49 PM IST

শৃংখল চলিহাৰ মুক্তিৰ দাবীত প্ৰতিবাদ

লখিমপুৰ, 5 মে’: লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ । 24 ঘন্টাৰ ভিতৰত শৃংখল চলিহাক মুক্তি নিদিলে সমগ্ৰ ৰাজ্য কপোঁৱাৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাৰ সমৰ্থনকাৰীয়ে । ব্যৱসায়ীৰে হোৱা সংঘাতৰ পৰিণতিত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা কাৰ্যত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বীৰ লাচিত সেনাৰ কৰ্ম-কৰ্তাসকল প্ৰতিবাদ মুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে । ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে শুকুৰবাৰে লখিমপুৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে (Bir lachit sena demand to release Shrinkhal Chaliha)।

নগৰখনৰ গাৰ্লচ ৰোড চাৰিআলিত লাচিত সেনাৰ কৰ্মীসকলে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শৃংখল চলিহাক বিনাচৰ্তে মুক্তি দিয়ক, অসম চৰকাৰ হায় হায়, বহিৰাগত বনিয়াৰ কব্জাত থকা অসম চৰকাৰ হুচিয়াৰ, অসমত অনা অসমীয়াৰ দপদপনি নচলিব, আদি শ্লোগান দি বীৰ লাচিত সেনাৰ কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী সংগঠনটোৰ নেতৃত্বই কয় যে, অসমীয়াৰ সত্বাৰ হকে মাত মাতি অহা শৃংখল চলিহাক দিল্লী, নাগপুৰৰ শ্ৰতলিপি মতে কাম কৰা বিজেপি চৰকাৰখনে ক’লা আইন জাপি দি গ্ৰেপ্তাৰ কৰিছে । অনা অসমীয়াৰ পকেটত সোমাই থকা বিজেপি চৰকাৰখনে অহা চৌবিশ ঘন্টাৰ ভিতৰত বিনাচৰ্তে শৃংখল চলিহাক মুক্তি নিদিলে সমগ্ৰ অসম কঁপাই জংগী আন্দোলন আৰম্ভ কৰা হ’ব বুলি বীৰ লাচিত সেনাৰ নেতৃত্বই চৰকাৰলৈ সকীয়নি প্ৰদান কৰে (Shrinkhal Chaliha arrested under NSA)।

এই প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনাৰ কেন্দ্রীয় সমিতিৰ ক্ৰীড়া সচিব লুলু বৰুৱা, জিলা সমিতিৰ সভাপতি ভদ্ৰজিত দত্তসহ ৰূপাংকৰ বৰাকে ধৰি কেইবাজনো নেতা আৰু ভালেখিনি কৰ্ম-কৰ্তাই অংশগ্রহণ কৰে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বীৰ লাচিত সেনাৰ নেতাজনক গ্ৰেপ্তাৰ কৰা বিষয়টোৱে ৰাজ্যখনৰ সচেতন মহলত বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে (Bir lachit sena protest in lakhimpur) ৷

লগতে পঢ়ক : Srinkhal Chaliha arrested: শৃংখলক চলিহাক মুকলি কৰি নিদিলে শিৱসাগৰ অচল কৰাৰ হুংকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.