লখিমপুৰ, 26 নবেম্বৰ : এটি নৱজাতৰ হত্যাকাণ্ডৰ বিচাৰৰ দাবীত বৃহস্পতিবাৰে বিয়লি বজৰংগ দলে লখিমপুৰ সদৰ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ( Bajrang Dal protest in Lakhimpur) ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি যোৱা 17 নৱেম্বৰত লখিমপুৰ নগৰৰ এখন নাৰ্চিং হোমত জন্ম হোৱা এটি শিশুক হত্যা কৰাৰ উদ্দেশ্যে ঔষধ দি পেলাই ৰখা হৈছিল । কিন্তু শিশুটিক পেলাই ৰখাৰ পাছটো শিশুটিৰ মৃত্যু নোহোৱাত এহাল দম্পতিক নীতি বৰ্হিভূতভাৱে গতাই দিয়া হয় ।

কিন্তু দম্পতি হালে শিশুটোক লৈ যায় যদিও শিশুটোৰ অৱস্থা সংকটজনক দেখি পুনৰ নাৰ্চিং হোমত ঘূৰাই দি যায় আৰু ইয়াৰ পাছতে শিশুটিৰ মৃত্যু হয় । এই সন্দৰ্ভত বজৰংগ দলৰ তৰফৰ পৰা লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হয় ৷ ইয়াৰ পাছতে আৰক্ষীয়ে শিশুটিৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰে যদিও নাৰ্চিং হোমৰ স্বত্বাধিকাৰী অথবা নাৰ্চক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে বৃহস্পতিবাৰে বজৰংগ দলে(Bajrang Dal) লখিমপুৰ সদৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ।
ইয়াৰ পাছতে সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰতিবাদকাৰী সকলক বুজাই সৈমান কৰে যদিও প্ৰতিবাদকাৰীসকলে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত নাৰ্চিং হোমখনৰ স্বত্বাধিকাৰী আৰু নাৰ্চক শীঘ্ৰেই গ্ৰেপ্তাৰ নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক : ৰঙা সংৰক্ষিত বনাঞ্চলৰ গুলীচালনা ঘটনাক লৈ উত্তাল লখিমপুৰ