লখিমপুৰ, 9 মে’: কৈৱৰ্ত জাতিক অপমান কৰি ক্ষমা খুজিলে লখিমপুৰৰ এজন যুৱকে ৷ প্ৰাপ্ত তথ্য অনুসৰি, কিছুদিন পূৰ্বে ঢলপুৰৰ বাবু ফুকন নামৰ যুৱকজনে ফেচবুকৰ ভিডিঅ’ত সমগ্ৰ কৈৱৰ্ত জাতিক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰিছিল ৷
আপত্তিজনক শব্দ ব্যৱহাৰ কৰি কমেণ্ট কৰা যুৱকজনৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত জাঙুৰ খাই উঠে সমগ্ৰ সমাজখন ৷ যাৰ বাবে অৱশেষত যুৱকজনে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ বাধ্য হয় ৷ বাবু ফুকনে লালুক আঞ্চলিক কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যালয়লৈ আহি ৰাজহুৱাভাৱে ক্ষমা(Babu Phukan apologized for controversial comments against kaivarta caste) খোজে ৷ লগতে ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে মনোজ ভাই নামৰ আন এজন ইউটিউবাৰে অনুৰূপ কাণ্ড কৰি ক্ষমা খুজিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
লগতে চাওক: সত্ৰৰ সত্ৰাধিকাৰক সামাজিক মাধ্যমত অপমান কৰি ভুল স্বীকাৰ নয়নজ্যোতি বৰুৱাৰ