ETV Bharat / state

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বদৰুদ্দিনৰ ঔৰষত জন্ম: অতুল বৰা

author img

By

Published : Jan 11, 2021, 7:49 PM IST

নাৰায়ণপুৰত বিশাল আয়োজনেৰে সোমবাৰে অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত নতুন আঞ্চলিক দলক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী অতুল বৰাই ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বদৰুদ্দিনৰ ঔৰষত জন্ম বুলিও সমালোচনা কৰে ৷

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বদৰুদ্দিনৰ ঔৰষত জন্ম: অতুল বৰা
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বদৰুদ্দিনৰ ঔৰষত জন্ম: অতুল বৰা

বিহপুৰীয়া, 11 জানুৱাৰী: সোমবাৰে নাৰায়ণপুৰত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ অগপ সভাপতি অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু অগপৰ সাংস্কৃতিক সভানেত্ৰী কল্পনা পাটোৱাৰী উপস্থিত থকা সভা খনত মন্ত্ৰী অতুল বৰাই আক্ৰমণৰ লক্ষ্য কৰি লয় অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক ৷ নতুন আঞ্চলিক দল বদৰুদ্দিন আজমলৰ ঔৰসত জন্মলাভ কৰা বুলি মন্ত্ৰী অতুল বৰাই মন্তব্য কৰি কয় যে,আজমলৰ আতৰৰ গোন্ধ নতুন দলৰ চোলাত লাগি আছে ৷

ইফালে ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই অগপই পূৰ্বে কৰা ভুলৰ স্বীকাৰোক্তি দিয়াৰ লগতে পুনৰ ভুলবোৰ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ অতুল বৰাৰ মতে,ফিনিক্স পক্ষীৰ দৰে আকাশলৈ ধাৱমান হৈছে অসম গণ পৰিষদ ৷ বহু লোকে অসম গণ পৰিষদক ৰাজহুৱা ডবা বুলি ভাৱে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰৱন্ধকাৰ, নিবন্ধকাৰ আৰু বুদ্ধিজীৱিক সমালোচনা কৰি কয় অগপৰ পিঠিত এচাপৰ সকলোৱে মাৰে ৷

লগতে পঢ়ক: খালী চকী কেৱল সাংবাদিকেহে দেখে: কল্পনা পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.