ETV Bharat / state

Electricity contractual employees : লখিমপুৰত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

ৰাজ্যজুৰি প্ৰতিবাদৰ কাৰ্সূযচী গ্ৰহণ কৰিছে ৰাজ্যৰ শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীয়ে ৷ শক্তিখণ্ড পৰিচালনা কৰা তিনিটা কোম্পানী APDCL, APGCL, AEGCL ৰ অস্থায়ী কৰ্মচাৰীৰ যৌথমঞ্চই গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

Assam electricity contractual employee
বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 19, 2022, 6:32 PM IST

বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

লখিমপুৰ, 19 ডিচেম্বৰ: সোমবাৰে ৰাজ্যজুৰি ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্যৰ 5000 অস্থায়ী কৰ্মচাৰীয়ে (Assam electricity contractual employee) ৷ শক্তিখণ্ডত নিয়োজিত এইসকল অস্থায়ী কৰ্মচাৰীসকলে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰক জনাইছে কেতবোৰ দাবী ৷

অসমৰ শক্তিখণ্ড পৰিচালনা কৰা তিনিটা কোম্পানী APDCL, APGCL, AEGCL ৰ অস্থায়ী কৰ্মচাৰীৰ যৌথমঞ্চই Assam State Outsource Power Workers Unionএ সোমবাৰে ৰাজ্যজুৰি ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো লখিমপুৰ বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ চৌহদত দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অস্থায়ী কৰ্মচাৰীসকলে (Protest in Lakhimpur)৷

লখিমপুৰ বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ চৌহদত ৰূপায়ণ হোৱা দুঘন্টীয়া ধৰ্মঘটত কেইবাশ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বাচনি পৰীক্ষা অবিহনে নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কাম - সম মজুৰিৰ ব্যৱস্থা কৰা, প্ৰচলিত শ্ৰম আইন অনুসৰি সা-সুবিধাসমূহ অস্থায়ী কৰ্মীক প্ৰদান কৰাৰ লগতে দুৰ্ঘটনাৰ ক্ষেত্ৰত অস্থায়ী কৰ্মীৰ ক্ষতিপূৰণ প্ৰদানৰ উপৰিও মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰাকে ধৰি এঘাৰ দফীয়া দাবী জনায় ৷

ধৰ্মঘটস্থলীৰ পৰাই বিদ্যুৎ খণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলে এই দাবীসমূহ পূৰণৰ বাবে বিভাগীয় মূখ্য কাৰ্যবাহী বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ধৰ্মঘটত Assam State Outsource Power Workers Union ৰ লখিমপুৰ চক্ৰৰ সভাপতি সুনীল ফুকন, সম্পাদক আব্দুল ৰহিমৰ লগতে কেইবাশ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিটো মহকুমাত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাবে কৰ্মৰত হৈ আছে বহু লোক ৷ মিটাৰ ৰিডাৰ, সহায়ক, চকীদাৰ ইত্যাদি বিভাগত কাম কৰি আছে এইসকল লোকে ৷ ইয়াৰে একাংশই সামান্য পাৰিতোষিক লাভ কৰি আহিছে যদিও অধিকাংশই পোৱা নাই পাৰিতোষিক ৷ পাৰিতোষিক লাভ কৰা সকলেও নিয়মীয়াকৈ লাভ নকৰে ৷

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ(Power minister of Assam) সৈতে অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ সন্দৰ্ভত হৈছিল আলোচনা ৷ উক্ত আলোচনাৰ পাছত 17 নৱেম্বৰত বিভাগটোক আনুষ্ঠানিক আলোচনাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে ৷ ইয়াৰ পাছতো শক্তি বিভাগে এইসকল অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

তদুপৰি বিদ্যুৎ বিভাগে অতিৰিক্ত লাভ হ’লে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ আশ্বাস দিছিল তদানীন্তন শক্তিমন্ত্ৰী বিমল বড়াই (Minister Bimal Bora)৷ বৰ্তমান দুশ কোটিৰো অধিক টকা লাভ হোৱাৰ পাছতো অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নকৰাত ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকল ৷

লগতে পঢ়ক: Eviction at Batadrava: বটদ্ৰৱাৰ লালুং বস্তিতো চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.