ETV Bharat / state

SPRO Kukil Dutta died : গুৱাহাটীত পেৰেড অনুশীলনত SPRO কুকিল দত্তৰ অকাল মৃত্যু; ৰহস্য ঘনীভূত

author img

By

Published : Aug 12, 2023, 2:24 PM IST

Updated : Aug 12, 2023, 4:56 PM IST

ৰহস্য নে আন কিবা ? কেনেকৈ মৃত্যু হ’ল কুকিলৰ ? কেনেকৈ কেঁচা তেজ লাগিল কুকিলৰ শৰীৰত ? প্ৰশ্ন বহুত ? উত্তৰতহে এটা ডাঙৰ ‘শূণ্য’ ৷

Constable dies after falling ill during I-Day parade reharchal
SPRO কুকিল দত্তৰ অকাল মৃত্যু

SPRO কুকিল দত্তৰ অকাল মৃত্যু

লখিমপুৰ, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ পূৰ্বে অকাল মৃত্যুক সাৱটি ল’লে অসম আৰক্ষীত কৰ্মৰত জোৱান কুকিল দত্তই ৷ আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পেৰেড অনুশীলনত ব্যস্ত আছিল কুকিল দত্ত ৷ কিন্তু অতি ৰহস্যজনকভাৱে পেৰেড অনুশীলনৰ মাজতেই মৃত্যুৰ হয় অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱান কুকিল দত্তৰ ৷

Assam Police personnel dies during practice for I-day in Guwahati
SPRO কুকিল দত্তৰ অকাল মৃত্যু

তাৰ পাচত কুকিলৰ ঘৰৰ মানুহে লাভ কৰিলে কুকিলৰ মৃত্যুৰ খবৰ ৷ শাৰীৰিক অসুস্থতাৰ বাবেই হঠাৎ মৃত্যু হ’ল কুকিলৰ ৷ এই বাতৰি লাভ কৰাৰ পাচতে কুকিলৰ বাসগৃহত যেন সৰগহে ভাগি পৰিল ৷ ভাঙি গ’ল বহু সপোন ৷ হেৰাই গ’ল বহু আশা ৷

কিন্তু ইয়াৰ মাজতে উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ ৷ স্থানীয় এজন লোকে উল্লেখ কৰা অনুসৰি, এটা সাধাৰণ পলিথিনেৰে মেৰিয়াই শনিবাৰে পুৱা আৰক্ষীয়ে কুকিলৰ নশ্বৰদেহ লখিমপুৰৰ গড়েহগা ঢেকিয়াল গাঁৱৰ স্ব-গৃহলৈ লৈ অনা হয় ৷ তাৰ পাচতে ৰাইজৰ অজ্ঞাতে কাহিলি পুৱাতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় কুকিলৰ ।

কৰ্মৰত অৱস্থাত মৃত্যু হোৱাৰ পাচতো বিভাগীয় মৰ্যদা অবিহনেই পঞ্চভূতত বিলীন হ’ল কুকিলৰ শৱদেহ ৷ এই লৈ এতিয়া উদ্ৰেক হৈছে বিভিন্ন প্ৰশ্ন ৷ কিন্তু এই সন্দৰ্ভত নিমাত অসম আৰক্ষী ৷ উল্লেখ্য যে, শান্ত, অমায়িক স্বভাৱৰ ল’ৰা আছিল কুকিল ৷ সকলোৰে লগত হাঁহি মাতি থকা ল’ৰাটোৰ এই অকাল মৃত্যুৰ খবৰে এতিয়া শোকস্তব্ধ কৰি তুলিছে লখিমপুৰবাসীক ৷

অসম আৰক্ষীৰ প্ৰতি অঞ্চলবাসীৰ ক্ষোভ, সামৰিক মৰ্যদাতো বাদেই, কৰ্মৰত অৱস্থাতে অকাল মৃত্যুক সাৱটি লোৱা কুকিলৰ মৃতদেহ কঢ়িয়াই আনিবলৈ অভাৱ হ’ল এটা কফিনৰো ৷ কিয় সকলো কথা গাপ দিয়াৰ চেষ্টা কৰিছে অসম আৰক্ষীয়ে ? কুকিলৰ মৃত্যুত আছে নেকি কিবা ৰহস্য ? এই প্ৰশ্ন গাওঁবাসীৰ ৷

জানিব পৰা মতে, কুকিলৰ পিতৃ লোকনাথ দত্তও আছিল আৰক্ষী বিভাগত কৰ্মৰত এজন লোক । তেওঁ অৰুণাচল আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰে । লোকনাথ দত্তৰ তিনি কন্যা আৰু দুই পুত্ৰৰ ভিতৰত কুকিল আছিল কনিষ্ঠ সন্তান । মাত্ৰ এবছৰৰ পূৰ্বে কুকিলে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত যোগদান কৰিছিল ৷

কৰ্মসূত্ৰে কুকিল তেজপুৰত নিযুক্ত হৈ আছিল । সমাগত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে তেওঁক গুৱাহাটীলৈ পঠোৱা হৈছিল ৷ শুকুৰবাৰে পেৰেড অনুশীলনৰ সময়ত অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লয় কুকিলে ।

লগতে পঢ়ক : MiG 29 fighter jets squadron at Srinagar : ভাৰতীয় বায়ুসেনাত সংযোজন মিগ-২৯ যুঁজাৰু বিমান

Last Updated : Aug 12, 2023, 4:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.