ETV Bharat / state

Lakhimpur jairampur violence :দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ বাবেই শোকাবহ ঘটনা সংঘটিত হ’ল - lakhimpur jairampur violence

জয়ৰামপুৰৰ পানবাৰীত উপস্থিত লখিমপুৰ জিলা যৌথ সংগ্ৰামী ঐক্য মঞ্চৰ কৰ্মীৰ ৷ মঙলবাৰে পানবাৰীৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে মৃতকৰ পৰিয়ালকো সাক্ষাৎ ৷ মৃত দুই যুৱকৰ পৰিয়ালৰ লোকক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ৷ এই দাবী সংগঠনটোৰ ৷

assam arunachal pradesh border dispute
পানবাৰীৰ ঘটনাস্থলী পৰিদৰ্শন যৌথ সংগ্ৰামী ঐক্য মঞ্চৰ কৰ্মীৰ
author img

By

Published : Jun 13, 2023, 8:08 PM IST

Updated : Jun 13, 2023, 8:17 PM IST

পানবাৰীৰ ঘটনাস্থলী পৰিদৰ্শন যৌথ সংগ্ৰামী ঐক্য মঞ্চৰ কৰ্মীৰ

লখিমপুৰ,13 জুন : 5 জুনৰ জয়ৰামপুৰৰ পানবাৰীত হোৱা ঘটনা আপোনাৰ মনত আছে নে ! কেনেকৈ অৰুণাচলীৰ হাতত প্ৰাণ গৈছিল দুই অসমীয়া যুৱক সেয়া আপোনাক নকলেও বুজিব ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছ পুলি ৰুবলৈ যোৱা নিহত দুই যুৱকৰ পৰিয়ালৰ লোক কেনে আছে সেয়া খৱৰ ল’বলৈ আহৰি আছে নে অসম চৰকাৰৰ ?

‘‘তেওঁলোকৰ ভূমি সুৰক্ষা সমিতি খনে চৰকাৰৰ লগত আলোচনা আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছিল ৷ কাৰণ অসমৰ ভূমি ওভতাই আনিব লাগে ৷ কিন্তু দাবী সমূহ মনা নাছিল ৷ যাৰ বাবে এই শোকাবহ ঘটনা হ’ল ৷ জয়ৰামপুৰৰ ঘটনাৰ পাচত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য দৰাচলতে অ-যুক্তিকৰ ৷ তেওঁলোকে একাংশ লোকৰ ভূমি বিবাদ বুলি কৰা মন্তব্য সঁচা নহয় ৷ উক্ত এলেকা অসমৰ ভূমি কিন্তু অৰুণাচলৰ আগ্ৰাসী ভূমিকাৰ বাবেহে এনে শোকাবহ ঘটনা সংঘটিত হ’বলৈ পালে ৷ ’’ এই মন্তব্য লখিমপুৰ যৌথ সংগ্ৰামী ঐক্য মঞ্চৰ কৰ্মীৰ ৷ লখিমপুৰ জিলাৰ যৌথ সংগ্ৰামী ঐক্য মঞ্চ কৰ্মীৰ দলে মঙলবাৰে পানবাৰীৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে মৃতকৰ পৰিয়ালকো সাক্ষাৎ কৰে ।

‘‘ইয়াত এটা আৰক্ষী থানা এখন প্ৰয়োজন ৷ মানুহখিনিয়ে অ-সুৰক্ষিত অনুভব কৰি আছে ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ঘটনাস্থলীলৈ আহক, তেতিয়া আপুনি অনুভব কৰিব এয়া ব্যক্তিগত ভূমি বিবাদ নে অন্য কাৰণ ৷ আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেও দুজনকৈ অসমীয়া যুৱকক আমি হেৰুৱাব লগীয়া হ’ল ৷ ’’ এই মন্তব্য যৌথ সংগ্ৰামী ঐক্য মঞ্চৰ নেতাৰ ৷

‘সীমান্ত বসবাস কৰা লোক সকলক স্থায়ী নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ মৃত দুই যুৱকৰ পৰিয়ালৰ যিকোনো সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ৷ তেওঁলোকৰ দুয়োটা পৰিয়ালে অতি দৰিদ্ৰ পৰিয়াল ৷ দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক ৷’ এই দাবী সংগঠনটোৰ ৷

ইফালে দুই যুৱকৰ বাহগৃহত বৰ্তমানেও শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে পঢ়ক:Workshop for NIPUN bharat:নতুন শিক্ষানীতিৰ অধীনত নিপুন ভাৰত আঁচনিৰ কৰ্মশালা

etv play button

Last Updated : Jun 13, 2023, 8:17 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.