ETV Bharat / state

লখিমপুৰত অৰুণাচলীৰ আক্রমণত গাঁওৰক্ষী বাহিনীৰ যুৱক আহত - Arunachali Miscreants Attack in Lakhimpur

অসম-অৰুণাচল সীমান্তৱৰ্তী দুলুং সংৰক্ষিত বনাঞ্চল(Dulung Reserve Forest) এলেকাত নিশা অৰুণাচলী দুৰ্বৃত্তৰ দৌৰাত্ম্য ৷ দুৰ্বৃত্তৰ আক্ৰমণত আহত হ’ল কেইবাজনো অসমীয়া ৷

Dulung Reserve Forest
লখিমপুৰত অৰুণাচলীৰ আক্রমণত গাঁওৰক্ষী বাহিনীৰ যুৱক আহত
author img

By

Published : Aug 15, 2022, 6:57 PM IST

লখিমপুৰ, ১৫ আগষ্ট: দেওবাৰে নিশা লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দুলুং সংৰক্ষিত বনাঞ্চলৰ(Dulung Reserve Forest) সমীপৰ ৰূপহী ৰাজগড়ত এটা অৰুণাচলী দলৰ আক্ৰমণত অসমৰ গাঁওৰক্ষী বাহিনীৰ কেইবাজনো যুৱক আহত হয় (Arunachali Miscreants Attack in Lakhimpur)।

যি সময়ত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পৰ্যায়ত সীমা সমস্যা(Assam Arunachal border conflict) আৰু সীমান্তত সম্প্ৰীতি বাহাল ৰখাৰ বাবে আলোচনা আৰম্ভ হোৱাৰ লগতে দুয়োখন ৰাজ্যৰ জনগণৰ মাজত সমন্বয় বৃদ্ধিৰ হকে অসমৰ যুৱকে সমন্বয় চাইকেল যাত্ৰা কৰিছে, তেনে সময়ত একাংশ অৰুণাচলীৰ আক্ৰমণত অসমৰ যুৱক আহত হোৱাৰ দৰে উদ্বেগজনক ঘটনা সংঘটিত হৈছে ।

লখিমপুৰত অৰুণাচলীৰ আক্রমণত গাঁওৰক্ষী বাহিনীৰ যুৱক আহত

দেওবাৰে নিশা ৰূপহী ৰাজগড়ত প্ৰায় চল্লিছজনীয়া অৰুণাচলী দূৰ্বৃত্তৰ দলে আক্ৰমণ কৰে অসমৰ 10-12 জনীয়া যুৱকৰ দলক । আহত যুৱকসকলে জনোৱা মতে গাঁওৰক্ষী বাহিনীৰ সদস্য হিচাবে স্থানীয় এটা দহ-বাৰজনীয়া দলে যোৱা নিশা ৰূপহী ৰাজগড় এলেকাত পহৰা দি আছিল । নিশা ১২ মান বজাত এখন চুইফট ডিজায়াৰ গাড়ী সেই পথেৰে অহাত তেওলোকে টৰ্চ মাৰি গাড়ীখন ৰাখিবলৈ কয় যদিও গাড়ীখন গুছি যায় ।

কিছু সময়ৰ পাছত গাঁওৰক্ষী বাহিনীৰ দুজনমান যুৱকক আগুৱাই থৈ আহিবলৈ বাহিনীৰ দহ-বাৰ জনীয়া দলটো যাওতে তেওলোকে ৰখাবলৈ চেষ্টা কৰা গাড়ীখন পথৰ ওপৰত ৰৈ থকা দেখা পায় । গাওৰক্ষী বাহিনীৰ দলটো গাড়ীৰ ওচৰ চপা মাত্ৰকে গাড়ীৰ পৰা নামি কেইজনমান যুৱকে তৰ্কত লিপ্ত হোৱাৰ লগতে আক্ৰমণ কৰে । সেই সময়তে হাতে হাতে দা-লাঠি লৈ আন এটা দল আহি গাঁওৰক্ষী বাহিনীৰ দলটোৰ ওপৰত জপিয়াই পৰে ।

এই অতৰ্কিত আক্ৰমণত গাঁওৰক্ষী বাহিনীৰ দলটো আহত হোৱাৰ উপৰিও ছেদেলি-ভেদেলি হৈ পৰে । তেওঁলোকে ঘটনা সন্দৰ্ভত বগীনদী থানাক অৱগত কৰে আৰু কিছু সময়ৰ পাছতে আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হোৱাত দুৰ্বৃত্তৰ দলটো আঁতৰি যায় । আহত যুৱককেইজন সম্প্ৰতি চিকিৎসাধীন আৱস্থাত আছে । ভুক্তভোগী মন্তব্য অনুসৰি দুৰ্বৃত্তৰ দলটো অৰুণাচল প্ৰদেশৰ আছিল । আক্ৰমণকাৰী এজনক চিনি পোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: আম্বানী পৰিয়ালক পুনৰ ভাবুকি দুৰ্বৃ্ত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.