ETV Bharat / state

Air Force exercise: লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত চলিব বায়ু সেনাৰ অনুশীলন - দুলুং সংৰক্ষিত বনাঞ্চলত ১ মাৰ্চৰ পৰা চলিব যুদ্ধৰ অনুশীলন

লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ১ মাৰ্চৰ পৰা চলিব যুদ্ধৰ অনুশীলন । বায়ু সেনা বাহিনীয়ে ৩ মাহ ধৰি কৰিব এই অনুশীলন (Air Force exercise to be conducted in Dulung forest)। বনাঞ্চলৰ এলেকাত ১৪৪ ধাৰা জাৰি ।

Dulung reserve forest
লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত চলিব বায়ু সেনাৰ অনুশীলন
author img

By

Published : Feb 18, 2022, 5:05 PM IST

লখিমপুৰ,১৮ ফেব্ৰুৱাৰী : অৰুণাচলৰ সীমান্তৱৰ্তী লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰত থকা ফায়াৰিং ৰেঞ্জত বায়ু সেনাৰ বিশেষ তৎপৰতা । কিছু দিনৰ পাছতে যুদ্ধ বিমান, বোমা, ৰকেট, গুলীচালনাৰ প্ৰচণ্ড শব্দত কপিব দুলুং সংৰক্ষিত বনাঞ্চল । ইতিমধ্যে সমগ্ৰ বনাঞ্চল এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে জিলা উপায়ুক্তই (Section 144 imposed in Dulung forest area)।

বায়ু সেনাৰ ১১ উইঙে ১ মাৰ্চৰ পৰা দুলুং বনাঞ্চলত তিনি মাহজুৰি চলাব বিশেষ যুদ্ধৰ অনুশীলন (Air Force exercise to be conducted in Dulung forest)। যাৰ বাবে বনাঞ্চলত অহা দিনবোৰত সাধাৰণ লোক, যান-বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । যুদ্ধৰ অনুশীলনত বোমা, ৰকেট অথবা গুলীচালনাত যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ বাবে এনে ব্যৱস্থা গ্রহণ কৰা হৈছে ।

লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত চলিব বায়ু সেনাৰ অনুশীলন

উপায়ুক্তই আৰক্ষী অধীক্ষক, জিলাৰ বন বিষয়া, চুবুৰীয়া অৰুণাচলৰ উপায়ুক্ত, চক্ৰ বিষয়া, গাঁওৰক্ষী বাহিনী সকলোলৈ এই সন্দৰ্ভত নিৰ্দেশনাৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে । চীনে চুবুৰীয়া অৰুণাচল প্ৰদেশক তীব্বতৰ অংশ বুলি দাবী কৰি অহাৰ সময়তে অৰুণাচলৰ গাতে লাগি থকা বনাঞ্চলত ভাৰতীয় বায়ুসেনাৰ এনে সামৰিক অনুশীলনে বিশেষ তাৎপর্য বহন কৰিছে ।

লগতে পঢ়ক :কাজিৰঙাৰ পৰা অহা গড় খেদিবৰ বাবে বন বিভাগৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.