ETV Bharat / state

পুনৰ বৃহৎ নদী-বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদত নামিল আছু

author img

By

Published : Sep 3, 2021, 4:45 PM IST

বিগত সময়ত প্ৰতিবছৰে বানৰ সময়ত নদী-বান্ধ নিৰ্মাণ স্থলীত অথন্তৰ হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াকলৈ শংকিত হৈ পৰিছে ৰাইজ ৷ সেই সময়তে পুনৰ আৰম্ভ হৈছে নদী-বান্ধ নিৰ্মাণ বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে ইয়াকলৈ সৰৱ হৈ পৰিছে আছু ৷

aasu restarts it's protest against big dam project
পুনৰ বৃহৎ নদী-বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদত নামিল আছু

বিহপুৰীয়া, 3 ছেপ্টেম্বৰ : বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰাৰ দাবীৰে নাৰায়ণপুৰত প্ৰতিবাদত নামিল নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নাৰায়ণপুৰত দেশৰ প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিমূৰ্তি দাহ কৰে । প্ৰতিবাদকাৰী আছুৰ কৰ্মী সকলে প্ৰধানমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, এন এইছ পি চি (NHPC) গ' বেগ আধি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ৷

উল্লেখযোগ্য যে, ক’ভিডৰ সময়ত নদী-বান্ধ নিৰ্মাণৰ কাম অতি ক্ষীপ্ৰতাৰে চলি থকাক লৈ শেহতীয়াকৈ ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চলিত বৰ্ষৰ ওপৰিও প্ৰতিবছৰে বানৰ সময়ত নদী-বান্ধ নিৰ্মাণ স্থলীত অথন্তৰ হোৱাকলৈয়ো সমগ্ৰ ৰাজ্য বাসীৰ লগতে এতিয়া চিন্তিত হৈ পৰিছে দল সংগঠন সমূহ ৷ পানীৰ ডাইভাৰ্জন কৰা হোৱা টানেল ভাঙি এইবেলি পাহাৰৰ মাটি চপৰা চপৰা খহি পৰা দেখিও শংকিত হৈ পৰিছে ৰাইজ ৷

শেহতীয়াভাৱে বুধবাৰে, সদৌ অসম ছাত্ৰ সন্থাৰ 7 খন জিলাৰ প্ৰতিনিধিৰ এটা বৃহৎ সজাতি দলৰ সৈতে বৃহৎ নদীবান্ধ নিৰ্মাণ প্ৰকল্প স্থলীত উপস্থিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা ৷

ভূমিকম্প প্ৰৱণ আৰু চনকা পাহাৰত নিৰ্মাণ কৰা এই প্ৰকল্প কোনো কাৰণতে অসমৰ বাবে নিৰাপদ নহয় বুলিও মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে । চৰকাৰে বান্ধ লবীৰ পক্ষ লৈ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আৰু ৰাইজৰ আহ্বানক আওকাণ কৰি বান্ধটোৰ নিৰ্মাণ সম্পূর্ণ কৰিব খোজাৰ অভিযোগ কৰি উদ্বেগ প্ৰকাশ কৰিছিল বৰুৱাই । ইয়াৰোপৰি, বিৰোধী পক্ষত থাকোতে নদী বান্ধৰ বিৰোধ কৰা বিজেপিয়ে এতিয়া শাসনভাৰ লাভ কৰাৰ পিছত স্থিতি সলোৱাৰ বিষয়টোক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছিল আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক : বিপদসংকুলভাৱে নাৱেৰে কৰ্তব্য পালন বনকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.