ETV Bharat / state

AAMSU protest in Lakhimpur: ভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ প্ৰতিবাদ - Demanding solution to erosion

আমছুৱে বৃহস্পতিবাৰে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

AAMSU protest demanding resolution of different issues
ভিন্ন সমস্যা সমাধানৰ দাবীত AAMSUৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 6:37 PM IST

ভিন্ন সমস্যা সমাধানৰ দাবীত AAMSUৰ প্ৰতিবাদ

লখিমপুৰ,৫ অক্টোবৰ: লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৰ দুঘন্টীয়া ধৰ্মঘট । লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ লখিমপুৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট পালন কৰে ৷

চৰকাৰে সংখ্যালঘু এলেকা আৰু সংখ্যালঘু জনসাধাৰণৰ উন্নয়নত চুড়ান্তভাৱে অবহেলা কৰি অহাৰ অভিযোগ উথাপন কৰি সংগঠনটোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৱে NRC ৰ সময়ৰ পৰাই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা বুলি উল্লেখ কৰি বঞ্চিত লোকসকক আধাৰ কাৰ্ড প্ৰদান কৰাৰ দাবী উত্থাপন কৰে । ইয়াৰোপৰি শিক্ষা বিভাগৰ কিছু সিদ্ধান্তৰ বিৰুদ্ধেও সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল । চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, ছাত্র-ছাত্রীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে ।

লগতে সংখ্যালঘু মুছলমান সকলক বসুন্ধৰা ২ আঁচনিত অন্তর্ভুক্ত কৰা, অসমৰ বিভিন্ন জিলাত হোৱা গৰাখহনীয়া সমস্যাসমূহ খৰালি কালতে সমাধান কৰা, বিদ্যালয়ত ছাত্র-ছাত্রী অনুপাতে শিক্ষকৰ নিযুক্তি প্ৰদান কৰা, সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰাস্তা-ঘাটৰ মেৰামতি কৰা আদি দাবী উত্থাপন কৰি ধৰ্ণা দিয়া পৰিলক্ষিত হয় । অনাগত দিনত তেওঁলোকৰ দাবীসমূহ মানি নল'লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

অৱস্থান ধৰ্মঘটৰ অন্তত আমছুৰ তৰফৰ পৰা এই দাবীসমূহ পুৰণৰ বাবে জিলা আয়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় উপ-সভাপতি ৰাজু ৰহমান, সহঃ সম্পাদক আমিনুৰ ৰহমান, মুখ্য উপদেষ্টা মিজানুৰ ৰহমানকে আদি কৰি জিলাখনৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Protest in Tinsukia: তিনিচুকীয়াত APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.